ETV Bharat / state

ক'ভিড ৱাৰ্ড সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনৰ সংবাদমেল

author img

By

Published : Aug 4, 2020, 3:24 PM IST

মঙলবাৰে শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ স্বাস্থ্য বিভাগে ক'ভিড ৱাৰ্ডৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্য বিতৰণ ব্যৱস্থাত গাফিলতিৰ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে ৷

sivasagar-administration-held-a-press-meet-on-covid-ward
ক'ভিড ৱাৰ্ড সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনৰ সংবাদমেল

শিৱসাগৰ,4 আগষ্টঃ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডত যোৱা শনিবাৰে নিশা খাদ্যত পোক ওলোৱা আৰু অপৰিস্কাৰ পৰিৱেশৰ বাতৰি প্ৰকাশ হোৱাৰ পাছত জোঁকাৰণিৰ সৃষ্টি হয় শিৱসাগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য প্ৰশাসনৰ ভিতৰচৰাত । ঘটনা সন্দৰ্ভত মঙলবাৰে শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ স্বাস্থ্য বিভাগে এক সংবাদ মেল আয়োজন কৰি ঘটনাৰ ব্যাখ্যা আগবঢ়ায় । শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক শ্যামন্ত মাধৱ শৰ্মাই সম্বোধন কৰা সংবাদমেলত এইদৰে খাদ্যত পোক ওলোৱাটো দুৰ্ভাগ্যজনক আৰু দুখজনক আখ্যা দি ঘটনাৰ তদন্ত কৰা বুলি অৱগত কৰে । লগতে ক'ভিড ৱাৰ্ড পৰিচালনাৰ ক্ষেত্ৰত প্ৰশাসনৰ কিছু গাফিলতি আছে বুলি স্বীকাৰ কৰে।

মঙলবাৰৰ সংবাদমেলত প্ৰশাসনে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ লগতে আদৰ্শ চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ড কিদৰে পৰিচালনা কৰা হয় সেই সন্দৰ্ভত বিষদ ব্যাখ্যা দাঙি ধৰে । ক'ভিড ৱাৰ্ডৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্য বিতৰণ ব্যৱস্থাৰ দায়িত্বত থকা চিকিৎসকে দুয়োটা ব্যৱস্থা কিদৰে পৰিচালিত হয় তাৰ বৰ্ণনা দাঙি ধৰি এই সময়ত ক'ভিড যুঁজত অৱতীৰ্ণ হোৱা যুদ্ধা সকলৰ দায়িত্ব বৰ্ণনা কৰে ৷ লগতে এই সকল কৰ্মীৰ মনোবল ৰক্ষা কৰা আমাৰ সকলোৰে দায়িত্ব বুলি উল্লেখ কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।আনহাতে ক'ভিড ৱাৰ্ড সন্দৰ্ভত যিকোনো অভিযোগ থাকিলে জিলা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনাই শিৱসাগৰ জিলা প্ৰশাসনে।

লগতে পঢ়কঃসৰ্বভাৰতীয় প্ৰশাসনিক সেৱাত অসম সন্তানৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.