ETV Bharat / state

আমগুৰিৰ চিন্তামণিগড় পশু চিকিৎসালয়ত চিকিৎসকৰ অভাৱ

চিন্তামণিগড়ত থকা জকাইচুক মৌজাৰ লগতে যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ কুৰিখনৰো আধিক গাঁৱৰ ৰাইজৰ পশুধনৰ একমাত্ৰ ভৰসা এই পশু চিকিৎসালয়খন (poor conditions of veterinary hospitals in Assam) । কিন্তু পশু চিকিৎসা কেন্দ্ৰটোত পশু পালন বিভাগে এজনো স্থায়ী পশু চিকিৎসক নিয়োগ নকৰাত পশুপালকসকল ক্ষোভিত হৈ উঠিছে ।

Amguri
Amguri
author img

By

Published : Oct 10, 2022, 11:54 AM IST

আমগুৰি, ১০ অক্টোবৰ : শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ চিন্তামণিগড়ত অৱস্থিত পশু চিকিৎসালয়ত চিকিৎসকৰ অভাৱ (Shortage of doctors at veterinary hospital) । যাৰ বাবে অঞ্চলবাসী সমস্যাৰ সন্মুখীন হৈছে ।

খনামুখ এক নং চিন্তামণিগড়ত থকা জকাইচুক মৌজাৰ লগতে যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ কুৰিখনৰো আধিক গাঁৱৰ ৰাইজৰ পশুধনৰ একমাত্ৰ ভৰসা এই পশু চিকিৎসালয়খন (poor conditions of veterinary hospitals in Assam) । কিন্তু পশু চিকিৎসা কেন্দ্ৰটোত পশু পালন বিভাগে এজনো স্থায়ী পশু চিকিৎসক নিয়োগ নকৰাত পশুপালকসকল ক্ষোভিত হৈ উঠিছে ।

২০১৫ চনতে নিৰ্মাণ কৰা পশু চিকিৎসালয়খনত চিকিৎসক নথকাত যোৱা মাহত অচিন ৰোগত কেইবা শ পশুধন মৃত্যুমুখত পৰাৰ লগতে বহু পশুধন অচিন ৰোগত ভুগি আছে । সম্প্ৰতি এজন চিকিৎসকে সপ্তাহত তিনিদিনকৈ পশু চিকিৎসালয়খনলৈ আহে যদিও পশুপালকসকল উপকৃত হোৱা নাই ।

কুৰিখনৰো আধিক গাঁৱৰ ৰাইজৰ পশুধনৰ ভৰসা এই কেন্দ্ৰটোত পশু পালন বিভাগে গুৰুত্ব দি স্থায়ী চিকিৎসক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দি বৃহত্তৰ অঞ্চলটোৰ পশুধনৰ সুৰক্ষাৰ দাবী তুলিছে স্থানীয় ৰাইজে (people demand doctors in veterinary hospital) ।

লগতে পঢ়ক :আহিনৰ আবতৰীয়া বানৰ কবলত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.