ETV Bharat / state

Shivaratri 2023: শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ বাকৰিত ভক্তৰ সমাগম

author img

By

Published : Feb 18, 2023, 12:40 PM IST

আজি মহা শিৱৰাত্ৰি ৷ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ বাকৰিত মহা আড়ম্বৰেৰে পালন কৰা হৈছে মহা শিৱৰাত্ৰি (Shivaratri 2023 celebrated in Sivasagar Sivadol) ৷ হাজাৰ হাজাৰ ভক্তৰ সমাগম ৷

Shivaratri 2023 celebrated in Sivasagar Sivadol
ঐতিহাসিক শিৱদৌলত আজি মহাশিৱৰাত্ৰি
ঐতিহাসিক শিৱদৌলত আজি মহাশিৱৰাত্ৰি

শিৱসাগৰ, 18 ফেব্ৰুৱাৰী : আজি সমগ্ৰ দেশতে মহা আড়ম্বৰেৰে পালন কৰা হৈছে মহা শিৱৰাত্ৰি ( Maha Shivratri Mahotsav celebrated across the country ) ৷ ৰাজ্যৰ বিভিন্ন মঠ -মন্দিৰৰ সমান্তৰালভাৱে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত কালিৰে পৰা আৰম্ভ হৈছে মহা শিৱৰাত্ৰি ( Mahasivratri 2023 celebrated in assam ) ৷ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আজি মহাশিৱৰাত্ৰিৰ দ্বিতীয় দিন ।

পুৱা চাৰি বজাৰে পৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভক্তই লানি পতা পৰিলক্ষিত হৈছে ৷ মহা শিৱৰাত্ৰিৰ বাবে শিৱদৌলৰ মুখ্য দ্বাৰ মুকলি কৰি দিয়াৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে হাতে হাতে ফুল, বেলপাত, নৈবেদ্য লৈ দৌলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ শাৰী পাতে । পুৰুষ মহিলা উভয়ে শিৱৰ আৰ্শীবাদ বিচাৰি পৃথকে পৃথকে শাৰী পতা পৰিলক্ষিত হয় ৷

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ বাকৰিত পুৱতি নিশাৰ পৰাই পুৰুষ আৰু মহিলাসকলে পৃথকে পৃথকে শৃংখলাৱদ্ধভাৱে দীঘলীয়া শাৰীত বহু পৰলৈ লাইন পতা দেখিবলৈ পোৱা গ’ল । শিৱসাগৰৰ শিৱদৌলত মহা শিৱৰাত্ৰিৰ দ্বিতীয় দিনটোত অজস্ৰ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে আৰু ইয়ে ঐতিহাসিক শিৱদৌলৰ বাকৰিত সৃষ্টি কৰিছে উদুলি মুদুলি পৰিৱেশৰ (Shivaratri 2023 celebrated in Sivasagar Sivadol)।

মহাশিৱৰাত্রি পূজা আৰু মেলাৰ দ্বিতীয় দিনটোত পৰম আৰাধ্য মহাদেৱৰ আশীষ লবলৈ ভক্তই এনেদৰে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে । নিজ নিজ মনোকামনা পূৰণাৰ্থে পুৰুষ- মহিলা নিৰ্বিশেষে আটায়ে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ পুৰুষ মহিলা সকলো সমবেত হৈছে হাতত বেলপাত ধূপ নৈবদ্যৰে মহাদেৱৰ শ্ৰীচৰণত অৰ্পন কৰি আশিষ লবলৈ ।

উল্লেখ্য যে, ১৭৩৪ খ্ৰীষ্টাব্দৰে পৰা ২৮৯ বছৰ ধৰি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত উদযাপিত হৈ আহিছে এই মহাশিৱৰাত্রি পূজাৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত-দৰ্শনাৰ্থীৰ সমাগম ঘটা এই ঐতিহাসিক শিৱদৌলৰ মহা শিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি আয়োজিত হয় বিশেষ মেলা ৷ বিভিন্ন স্থানৰ ভিন্ন সামগ্ৰীৰে উভৈনদী হৈ পৰে এই মেলা ৷ সেয়ে ভক্তৰ সমান্তৰালকৈ এই মেলাত ভিৰ পৰিলক্ষিত হয় ক্ৰেতাৰো ৷

উল্লেখযোগ্য যে, শণিবাৰে সন্ধ্যা ৬.৪৫ বজাত আৰম্ভ হ'ব শিৱ চতুৰ্দশী । আনহাতে শিৱ চতুৰ্দশীৰ লগ্ন সামৰণি পৰিব ৰবিবাৰে বিয়লি ৩.৩০ বজাত ।

লগতে পঢ়ক : Beharbari Outpost protest: গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে পথলৈ ওলাই আহিল বেহাৰবাৰী Outpost ৰ কলা কুশলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.