ETV Bharat / state

আজিৰে পৰা খুলিল ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়

author img

By

Published : Jan 1, 2021, 3:48 PM IST

সুদীৰ্ঘ দহ মাহৰ অন্তত খোলা গৈছে নিম্ন প্ৰাথমিক শিক্ষানুষ্ঠান সমূহ । বিশ্বজুৰি কৰ'ণা মহামাৰীৰ ফলত বন্ধ হৈ আছিল ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ । আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ৭৯৭ নং ধোদৰ আলি প্ৰাথমিক বিদ্যালয়ত পুৱাৰ ভাগত ছাত্ৰ-ছাত্ৰীৰে মুখৰিত বিদ্যালয়ৰ চৌহদ ।

আজিৰে পৰা আমগুৰিত খুলিল নিম্ন প্ৰাথমিক বিদ্যালয়

শিৱসাগৰ, ১ জানুৱাৰী: সুদীৰ্ঘ দহ মাহৰ বিৰতিৰ অন্তত আজিৰে পৰা খোল খালে ৰাজ্যৰ নিম্ন প্ৰাথমিক শিক্ষানুষ্ঠানসমূহ । বিশ্বজুৰি কৰ'ণা মহামাৰীৰ ফলত বন্ধ হৈ আছিল ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ । নতুন বছৰৰ পহিলা জানুৱাৰীৰ দিনাই নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ খোলাত উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও । স্বাস্থ্য় তথা শিক্ষা বিভাগে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহত পাঠদান আৰম্ভ হয় । ৰাজ্য চৰকাৰে পাঠদানৰ বাবে বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে আৰু নিৰ্দেশনা অনুসৰিয়েই পাঠদানৰ অনুমতি প্ৰদান কৰা হৈছে ।

আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ৭৯৭ নং ধোদৰ আলি প্ৰাথমিক বিদ্যালয়তো পুৱাৰ ভাগত ছাত্ৰ-ছাত্ৰীৰে মুখৰিত হৈ পৰে বিদ্যালয়ৰ চৌহদ । সম্পূৰ্ণ COVID প্ৰট'কল মানি চলি মুখত মাস্ক, হাত ধুৱৰ বাবে চাবোনৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছে ছাত্ৰ ছাত্ৰী সকলে ।

উল্লেখ্য যে কৰ'ণা মহামাৰীৰ বাবে নিম্ন প্ৰাথমিক শিক্ষানুষ্ঠানসমূহৰ উপৰিও বিদ্যালয়-মহাবিদ্যালয়সমূহো বন্ধ হৈ আছিল । নৱেম্বৰ মাহত ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনাত খোলা হৈছিল মহাবিদ্যালয়সমূহ ।

লগতে পঢ়ক: বাস্তৱসন্মত দৃষ্টিভংগীৰে নতুন বছৰত আগুৱাব অগপ: কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.