ETV Bharat / state

আলু পিয়াঁজৰ ব্যৱসায়ীক Z+ সুৰক্ষা প্ৰদানৰ দাবী ! - জেদ প্লাছ সুৰক্ষা প্ৰদান

আলু আৰু পিয়াঁজৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ ৷ ব্যংগাত্মক প্ৰতিবাদ সাব্যস্ত কৰি আলু পিয়াঁজৰ ব্যৱসায়ীক জেদ প্লাছ কেটেগৰীৰ সুৰক্ষা প্ৰদানৰ দাবী ৷ আহোম সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে সাব্যস্ত কৰে এই অভিনৱ প্ৰতিবাদ ৷

আলু পিয়াঁজৰ ব্যৱসায়ীক Z+ সুৰক্ষা প্ৰদানৰ দাবী !

author img

By

Published : Nov 9, 2020, 7:18 PM IST

শিৱসাগৰ, 9 অক্টোবৰ: আলু আৰু পিয়াঁজৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আলু পিয়াঁজৰ ব্যৱসায়ীৰ বাবে জেদ প্লাছ সুৰক্ষাৰ দাবী জনালে আহোম সেনাই ৷ সোমবাৰে শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ব্যংগাত্মক প্ৰতিবাদ সাব্যস্ত কৰি আহোম সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে এই দাবী উত্থাপন কৰে ৷

সুৰক্ষাৰ মাজেৰে আলু পিয়াঁজক আগবঢ়াই নি অভিনৱ প্ৰতিবাদ

এখন ঠেলাগাড়ীত আলু আৰু পিয়াঁজৰ বস্তা তুলি দি ঠেলাগাড়ীখনক সুৰক্ষাৰ মাজেৰে আগবঢ়াই নি প্ৰতিবাদকাৰী সকলে আলু পিয়াঁজৰ ব্যৱসায়ী সকলৰ বাবে জেদ প্লাছ সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে আলু পিয়াঁজ পৰিবহণ কৰা ঠেলাগাড়ী সমূহকো সুৰক্ষা প্ৰদানৰ বাবে দাবী উত্থাপন কৰে ৷

প্ৰতিবাদকাৰী সকলে কয় যে ৰাজ্যত যিটো হাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ'ব ধৰিছে সেই হিচাবত আলু পিয়াঁজ বৰ্তমান হীৰাৰ দৰে মূল্যবান হৈ পৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত এনে মূল্যবান সামগ্ৰীৰ লগতে ব্যৱসায়ী তথা গুদাম সমূহক সুৰক্ষা প্ৰদানৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷

আলু পিয়াঁজৰ বাবে জেদ প্লাছ সুৰক্ষা প্ৰদানৰ ব্যংগাত্মক দাবী উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে মূ্ল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে বিফলতাৰ অভিযোগ কৰি অনতিপলমে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যাৰ হুংকাৰ ক’ভিড যোদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.