ETV Bharat / state

শিৱসাগৰত পালন সতী ৰাধিকা দিৱস - সতী ৰাধিকা দিৱস

বৃহস্পতিবাৰে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ নামডাঙস্থিত সতী ৰাধিকাৰ প্ৰতিমূৰ্তীৰ তলত বন্তী প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰে । সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰে এই কাৰ্যসূচী ।

শিৱসাগৰ
শিৱসাগৰত পালন সতী ৰাধিকা দিৱস
author img

By

Published : May 7, 2020, 7:31 PM IST

শিৱসাগৰ, ৭ মে': আজি সতী ৰাধিকা দিৱস। সতী ৰাধিকা দিৱস উপলক্ষে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ নামডাঙস্থিত সতী ৰাধিকাৰ প্ৰতিমূৰ্তীৰ তলত বন্তী প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰে । সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰা এই কাৰ্য্যসূচীত উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সভাপতি মতিক্য প্ৰসাদ দাস, সম্পাদক মৃদুল দাস আৰু উপসভাপতি বিদ্যুৎ দাস।

শিৱসাগৰ
শিৱসাগৰত পালন সতী ৰাধিকা দিৱস

সতী ৰাধিকা দিৱসৰ দিনা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসী ৰাইজক নিজা বাসগৃহতে বন্তী প্ৰজ্বলন কৰি এইবাৰৰ সতী ৰাধিকা দিৱস পালন কৰাৰ আহ্বান জনাইছিল । এই সন্দৰ্ভত কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে, আজি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সমূহ জিলা সমিতি, সমূহ আঞ্চলিক সমিতি, সমূহ মহকুমা সমিতি, সমূহ শাখা সমিতিৰ প্ৰতিজন বিষয়ববীয়াই নিজা নিজা বাসগৃহত বন্তী প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰিবলৈ আহ্বান জনাইছে ।

শিৱসাগৰত পালন সতী ৰাধিকা দিৱস

উল্লেখযোগ্য যে, শংকৰী যুগতেই জাতিবাদ আৰু অস্পৃশ্যতাবাদৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল অসমৰ কৈৱৰ্ত কোলত জন্মগ্ৰহণ কৰা এগৰাকী নাৰী, যাক জগতগুৰু শংকৰদেৱে সতী হিচাৱে স্বকৃীতি দি গৈছে । সতী ৰাধিকা হ'ল সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে এক আদৰ্শ । সতী ৰাধিকাই এক আলৌকিকতাৰে নিজা গুণ আৰু কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰ ধৰ্মীয় সমাজখনক এক উচিত শিক্ষা দি গৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.