শিৱসাগৰ,15 জানুৱাৰীঃ উদুলি মুদুলি ৰংঘৰৰ বাকৰি ৷ জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিত জীপাল ৰংঘৰৰ চোতল ৷ বিহু নৃত্য, আও নগা সকলৰ যুদ্ধ নৃত্য, দেউৰী বিহু, হৰিণ নৃত্য, তিৱা নৃত্য আৰু মিচিং জনগোষ্ঠীয় ঐ:নিতমৰে মুখৰিত ৰংঘৰ । টাই আহোম যুৱ পৰিষদৰ ৰংপুৰ মেলাত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ চিত্ৰপট স্বৰ্ণিল ঐতিহ্যৰ লগত নতুনক পৰিচয় কৰি দিয়াৰ প্ৰয়াস ৷ কড়ি খেল, ঢোপ খেল, ঘিলা খেলত সাৰ পাই উঠিল ঐতিহ্য আৰু ৰজাদিনীয়া পৰম্পৰা । শুকুৰবাৰে পুৱাই টাইপাৰ পতাকা উত্তোলন আৰু মৈদাম তৰ্পণেৰে আৰম্ভ হোৱা ৰংপুৰ মেলাত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে ৷ পহিলা মাঘৰ দিনাখনেই ৰংঘৰৰ চোতালত সুৰীয়া সাংস্কৃতিক পৰিবেশত নিজকে বিলীন কৰি দিলে ৰংপুৰীয়াই ৷
উল্লেখ্য যে, ১৬৯৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰূদ্ৰ সিংহই নিৰ্মাণ কৰা ৰংপুৰ নগৰতে ১৭৪৬-৫৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বৰ্তমানৰ পকী ৰংঘৰ । এছিয়াৰ প্ৰথম পেভেলিয়ন খ্যাত এই ৰংঘৰৰ পৰাই আহোম স্বৰ্গদেউ সকলে উপভোগ কৰিছিল শেন-কনুৱাৰ যুঁজ, বাঘ-ঘোঙৰ যুঁজ, ম'হ যুঁজকে ধৰি বিভিন্ন খেল-ধেমালি । উপভোগ কৰিছিল কড়ি-ঢোপকে ধৰি বৰ্তমান বিলুপ্তপ্ৰায় খেল সমূহো । আনহাতে গছ তলৰ পৰা বিহুক আনি ৰংঘৰৰ চোতালতেই ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আহোম স্বৰ্গদেউ সকলে ।
লগতে পঢ়কঃ বিশ্বনাথত পুনৰ বনৰীয়া ম’হে প্ৰাণ কাঢ়িলে এজনৰ