ETV Bharat / state

ভোট বৰ্জনৰ সিদ্ধান্ত : আমগুৰিত মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ - দেওৰজা গাঁও পঞ্চায়তৰ ধোদৰআলিৰ পৰা কমাৰচুক সংযোগী পথ

আমগুৰি দেওৰজা গাঁও পঞ্চায়তৰ ধোদৰআলিৰ পৰা কমাৰচুক সংযোগী পথটো পকীকৰণ নোহোৱাত মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ ৷ শীঘ্ৰে পথটো পকীকৰণ কৰিবলৈ দাবী গাঁৱৰ মহিলাসকলৰ ৷

road repairing by women at amguri
আমগুৰিত মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ
author img

By

Published : Feb 8, 2020, 6:02 PM IST

আমগুৰি, 8 ফেব্ৰুৱাৰী : আমগুৰি দেওৰজা গাঁও পঞ্চায়তৰ ধোদৰআলিৰ পৰা কমাৰচুক সংযোগী পথটো পকীকৰণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰি অৰ্দ্ধশতাধিক মহিলাই লৈছে ভোট বৰ্জনৰ সিদ্ধান্ত ৷ দেওৰজা গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধিৰ হেমাহিৰ বাবে পথটো উন্নয়ন নোহোৱাৰ অভিযোগ কৰি শীঘ্ৰে পথটো পকীকৰণ কৰিবলৈ দাবী জনায় গাঁৱৰ মহিলাসকলে । অন্যথা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত ভোট বৰ্জনৰো হুংকাৰ স্থানীয় মহিলাসকলৰ । ৰাস্তা সুচল নোহোৱা বাবে 108 সেৱাৰ গাড়ী গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰাৰ ফলত ৰোগীক সাঙী ভাৰ কৰি ধোদৰ আলিলৈ নিয়াৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰো যাতায়তত অসুবিধা বুলি অভিযোগ তোলে গাঁৱৰ মহিলাসকলে ৷ ইয়াৰ বাবেই আজি স্থানীয় মহিলাসকলে সমূহীয়া শ্ৰমদানেৰে পথছোৱাৰ একাংশ মেৰামতি কৰাৰ লগতে শীঘ্ৰেই পথছোৱাৰ মেৰামতিৰ বাবে স্থানীয় বিধায়কৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰে ৷

আমগুৰিত মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ

আৰু পঢ়ক : আমগুৰিত ৰবৰৰ গছ ৰোপনেৰে স্বাৱলম্বী এটা পৰিয়াল

Intro:Body:ভোট বৰ্জনৰ সিদ্ধান্ত: মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ
……………………………………………………………
আমগুৰি, ৮ ফেব্ৰুৱাৰী:

আমগুৰি দেওৰজাত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ একাংশ মহিলাৰ

দেওৰজা গাঁও পঞ্চায়তৰ কমাৰচুক গাঁওৰ মহিলাই দিছে ভোট বৰ্জনৰ হুংকাৰ

ধোদৰ আলিৰ পৰা কমাৰচুক সংযোগী পথটো পকীকৰণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰি অৰ্দ্ধশতাধিক মহিলাই লৈছে
ভোট বৰ্জনৰ সিদ্ধান্ত

অৰ্দ্ধ-শতাধিক মহিলাই কমাৰচুক গাঁও সংযোগী পথ মেৰামতি কৰি ৰূপায়ণ কৰে শ্ৰমদান কাৰ্যসূচী

হাতে হাতে কোৰ লৈ পথাৰৰ পৰা মাটি খান্দি অহা-যোৱা কৰিবৰ বাবে সুবিধা কৰি তোলে মহিলাসকলে

দেওৰজা গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধিৰ হেমাহিৰ বাবে পথটো উন্নয়ন নোহোৱাৰ অভিযোগ আনে

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰো হস্তক্ষেপ বিচৰাৰ লগতে শীঘ্ৰে পথটো পকীকৰণ কৰিবলৈ দাবী জনায়। অন্যথাই নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত ভোট বৰ্জনৰো হুংকাৰ দিছে স্থানীয় মহিলাসকলে।

মহিলাসকলে অভিযোগ কৰি কয় যে গাঁওখনলৈ ১০৮ সেৱাৰ গাড়ী নোসোমায়। অসুখীয়া ৰোগীক সাঙী ভাৰ কৰি ধোদৰ আলিলৈ নিব লাগে। স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰো অহা-যোৱাত অসুবিধা। সেয়ে মহিলাসকলে একত্ৰিত হৈ ঘৰুৱা কাম-বন সামৰি পথ মেৰামতিৰ যোগেদি শ্ৰমদান কাৰ্যসূচী ৰূপায়ন কৰে।

আমগুৰিৰপৰা সমীৰণ দুৱৰা ঈষান নিউজConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.