ETV Bharat / state

নাও : পেটৰ ভাত মুঠিৰ পৰা বানত উটি যোৱা জীৱনলৈ !

author img

By

Published : May 9, 2020, 4:44 PM IST

অব্যাহত আছে কৰ'ণাৰ ত্ৰাস ৷ কৰ'ণাক প্ৰতিহত কৰিবলৈ যুঁজ দিছে ৰাইজে ৷ তাৰ মাজতেই ওচৰ চাপিছে বাৰিষা ৷ লগে লগে আন এখন যুঁজৰ বাবে সাজু হৈছে অসমৰ নৈ পৰীয়া ৰাইজ ৷

river people in assam preparing boat to fight against flood

আমগুৰি, 9 মে' : বাৰিষা মানেই যেন নৈ পৰীয়া লোকসকলৰ বাবে সংকটৰ সময় ৷ বাৰিষা মেঘে বৰষাৰ লগে লগে ফেনে-ফোটোকাৰ দুয়োপাৰ উপচি বয় নদ-নদী ৷ তেতিয়াই আহে মৰণৰ বান ৷ বানে নিথৰুৱা কৰে চহা নৈ পৰীয়াক ৷ বানে কাঢ়ি নিয়ে সৰ্বস্ৰ ৷

এইবাৰ বানত অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে লোকসকলে ৷ কাৰণ সময় মতে নিৰ্মাণ সম্পূৰ্ণ নহ'ল মথাউৰি ৷ জলসম্পদ বিভাগে বতৰ চাই কঠিয়া নিসিঁচাৰ ফল ভুগিব লাগিব নৈ পৰীয়াই ৷ কিন্তু বানৰ সৈতে যুঁজ দিবলৈ কঁকালত টঙালি বান্ধিছে নৈ পৰীয়া ৰাইজে ৷ বানৰ প্ৰবল সোঁতে মথাউৰি ভাঙি খেদি আহিলে বাচিবলৈ নাও নিৰ্মাণত ব্যস্ত হৈছে লোকসকলক ৷ চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই লোক সকলে নিজাকৈ ব্যৱস্থা কৰিছে বানৰ সৈতে যুঁজাৰ ৷ নৈপৰীয়া ৰাইজৰ জীৱনৰ একমাত্ৰ ভৰষাও নাও । এই লোকসকলক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে নাও শিল্প । নাও নিৰ্মাণ আৰু বিক্ৰী কৰিয়েই তেওঁলোকে জীৱিকা অৰ্জন কৰে ৷

নৈপৰীয়া ৰাইজৰ জীৱনৰ একমাত্ৰ ভৰষা নাও

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ ৰূপহীমুখত নৈপৰীয়া লোক ব্যস্ত নাও বনোৱাত । কৰ'ণাৰ সমান্তৰালকৈ আন এখন যুঁজৰ বাবে সাজু হৈছে ৰূপহীমুখৰ লোকসকল ৷ বাৰিষাৰ আগমনে শংকিত কৰি তোলা নৈ পৰীয়াই জীৱনটো বচাব পৰাকৈ সাজিবলৈ লাগিছে নাও ৷ কাৰণ হাত সাবতি বহি থাকিলে সময়ত হেৰুৱাব লাগিব সৰ্বস্ৰ ৷

নাও : পেটৰ ভাত মুঠিৰ পৰা বানত উটি যোৱা জীৱনলৈ !

বাৰিষাৰ সময়ছোৱাত ৰূপহীমুখ , মিচিংগাঁও , পুৰণিগুডাম, বৰমথাউৰি আদি গাঁও সমূহৰ মাজত নাৱেই হৈ পৰে একমাত্ৰ যোগাযোগৰ সম্বল ৷ সেয়ে বাৰিষাৰ পূৰ্বেই নাও সমূহ ঠিক-থাক কৰি বানৰ সৈতে যুঁজিবলৈ সাজু হৈছে তেওঁলোক ৷ মন কৰিব লগীয়া যে, যদি বানৰ সময়লৈ কৰ'ণাৰ তাণ্ডৱ শাম নাকাটে, তেন্তে অসমত ভয়ংকৰ অৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে ৷ যদি এনে হয়, একেলগে দুটাকৈ বিপদ যে চৰকাৰখনে নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইয়া ধুৰূপ ৷

লগতে পঢ়ক : বটদ্ৰৱাত কৃষক সন্মান নিধিৰ নামত লক্ষাধিক টকা আত্মসাৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.