ETV Bharat / state

Rice scam in Amguri:শিৱসাগৰৰ আমগুৰিত সুলভ মূল্যৰ চাউলৰ বৃহৎ কেলেংকাৰী

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:06 AM IST

হালোৱাটিঙত সুলভ মূল্যৰ সমবায় সমিতিৰ গুদামত পচি নষ্ট হ’ল ১৮৮ কুইণ্টল চাউল ৷

Rice damaged in godown in sivasagar amguri
সুলভ মূল্য চাউলৰ বৃহৎ কেলেংকাৰী
সুলভ মূল্য চাউলৰ বৃহৎ কেলেংকাৰী

আমগুৰি,৯ অক্টোবৰ : গুদামতে পচি নষ্ট হ’ল ১৮৮ কুইণ্টল চাউল ! আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ল ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগে দৰিদ্ৰ পৰিয়াললৈ যোগান ধৰা সুলভ মূল্যৰ ১৮৮ কুইণ্টল চাউল হালোৱাটিঙত নষ্ট হৈ খোৱাৰ অনুপযোগী হৈ পৰাৰ কথা পোহৰলৈ অহাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । হালোৱাটিঙস্থিত আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ অধীনৰ এটা গুদাম গৃহত প্ৰায় ৪০০ বেগৰ মুঠ ১৮৮ কুইণ্টল চাউল নষ্ট হৈ খোৱাৰ অনুপযোগী হৈ পৰিছে ।

চাউলত পোকে ধৰি খাদ্যৰ অনুপযোগী হৈ পৰা লগতে চাউলখিনি গুদামতে পচিবলৈ আৰম্ভ কৰিছে । ইতিমধ্যে শিৱসাগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে ১৮৮ কুইণ্টলকৈ চাউল নষ্ট হোৱা বুলি প্ৰকাশ কৰাৰ লগতে নৱেম্বৰ মাহৰ পৰা বলৱৎ হোৱাকৈ আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদকৰ লাইচেন্স বাতিল কৰি গধূলি বজাৰ সমবায় সমিতিক দায়িত্ব অৰ্পণ কৰিছে । উল্লেখ্য যে, আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদক দেৱচৰণ তাঁতীয়ে আগষ্ট মাহত ৭ খন সমবায় সমিতিৰ দোকানক ২৩ কুইণ্টল ৬০ কেজি আৰু ছেপ্টেম্বৰ মাহত ৩২ খন সমবায় সমিতিৰ দোকানক ৩০৯ কুইণ্টল ৮০ কেজি চাউল বিতৰণ নকৰিলে । যাৰ ফলত ১৮৮ কুইণ্টল চাউল গুদাম গৃহত ৰহস্যজনক পৰিস্থিতিত নষ্ট হৈ পোকে ধৰি খাদ্যৰ অনুপযোগী হৈ পৰে ।

শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ে আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদক দেৱচৰণ তাঁতীৰ বিৰুদ্ধে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিয়ম-নীতি উলংঘা কৰাৰ তথ্য প্ৰমাণ লাভ কৰাত আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ লাইচেন্স নং SBSL-4685/13 (S/W-SALE) বাতিল কৰিছে । আনহাতে আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ লাইচেন্স বাতিল হোৱাৰ পিচতে নৱেম্বৰ মাহৰ পৰা গধূলি বজাৰ সমবায় সমিতিক চাউল যোগানৰ দায়িত্ব অৰ্পণ কৰিছে । উক্ত ঘটনা পোহৰলৈ অহাৰ পিচতে বৃহত্তৰ হালোৱাটিং অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ সৈতে জড়িত আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদক দেৱচৰণ তাঁতীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ।

লগতে পঢ়ক : UNESCO expert visits Charaideo: বিশেষজ্ঞ চিয়াঙৰ পৰ্যবেক্ষণ; বিশ্ব ঐতিহ্য হ’বলৈ কিমান দূৰ চৰাইদেউৰ পৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.