শিৱসাগৰ,19 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ ৷ বৃহস্পতিবাৰে অসম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতি,সমষ্টি সমিতি আৰু অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰা সকলো সদস্য আৰু কাৰ্যনিবাহকে পদত্যাগ কৰে ৷ যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পৰীক্ষিত বৰুৱাৰ নেতৃত্বত পদত্যাগ কৰে সদস্যসকলে ৷ শিৱসাগৰ প্ৰেছক্লাৱত সংবাদমেল আয়োজন কৰি জাতীয় স্বাৰ্থত অগপই সবল স্থিতি ল'ব নোৱাৰাৰ বাবে এই সমূহীয়া পদত্যাগ ঘোষণা কৰে সম্পাদকগৰাকীয়ে ৷
সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে অতুল বৰালৈ প্ৰেৰণ কৰা মুকলি চিঠিৰ প্ৰত্যুত্তৰ নিদিয়াৰ বাবে অসমীয়া জাতিৰ স্বাৰ্থত অসমীয়াৰ কাষত থিয় দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৰ সদস্যসকলে ৷
আনহাতে, এই প্ৰসংগত জিলা সমিতিৰ অহৰহ হেঁচাৰ পিছতো পদত্যাগৰ সিদ্ধান্তত অটল থাকে দলটোৱে । উল্লেখ্য যে, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এই আইনৰ সমৰ্থনত ৰাজ্যসভাত ভোট দি অসমীয়াক অপমান কৰিছিল ৷ শেহতীয়াকৈ এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যোৱাটো একপ্ৰকাৰৰ ভেঁকোভাওনা আৰু অসমীয়াক মূৰ্খ সজোৱাৰ পদক্ষেপ বুলি আক্ষেপেৰে কয় পৰীক্ষিত বৰুৱাই ৷