ETV Bharat / state

সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন : শিৱসাগৰৰ দেৱী দৌল আৰু দৌল্লা পৰিয়ালৰ পৰম্পৰা

দেৱী দৌলত প্ৰতিষ্ঠা সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন ৷ শিৱসাগৰৰ বিখ্যাৎ দৌল্লা পৰিয়ালে প্ৰতিবছৰৰ দৰে এইবাৰো দুৰ্গা দেৱীলৈ আগবঢ়াব ছাগলী ৷ পূৰ্বৰ দৰেই মন্দিৰৰ পৰা নৈবেদ্যৰ এটা অংশ পঠোৱা হ’ব দৌল্লা পৰিয়াললৈ ৷ এইবাৰ দুৰ্গা পূজাৰ নৈবেদ্য গ্ৰহণ কৰিব দৌল্লা পৰিয়ালৰ নতুন সদস্যই ৷

author img

By

Published : Oct 6, 2021, 4:43 PM IST

religious harmony of sivsagar devi doul
দেৱী দৌলত প্ৰতিষ্ঠা সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন

শিৱসাগৰ,6 অক্টোবৰ : ধৰ্মীয় আস্থা আৰু বিশ্বাসৰ প্ৰতীক শিৱসাগৰৰ দেৱী দৌল ৷ এইবাৰ দুৰ্গা পূজাৰ নৈবেদ্য গ্ৰহণ কৰিব দৌল্লা পৰিয়ালৰ নতুন সদস্যই ৷ দুই পৃথক ধৰ্মৰ মাজত সম্প্ৰীতিৰ এক এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ দেৱী দৌলত ৷

উল্লেখ্য যে, ১৬৫৫ শকত স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকাই দুৰ্গা দেৱীৰ পূজনৰ বাবে নিৰ্মাণ কৰাইছিল দেৱী দৌল । দেৱী দুৰ্গাৰ ভক্তিৰ আধাৰ এই দৌলত নিয়মিত পূজা-অৰ্চনা হয় যদিও দুৰ্গা পূজাৰ সময়ত দৌলত হোৱা পূজাই এক অন্যান্য মাত্ৰা লাভ কৰি আহিছে । মন্দিৰৰ গৰ্ভগৃহত থকা শতিকা পুৰণি প্ৰতিমাক দুৰ্গা পূজাৰ সময়ত বৈদিক পৰম্পৰাৰে পূজা আগবঢ়োৱা হয় ।

পূৰ্বতে এই দৌলত দেৱী পূজাত ম’হ বলিও আগবঢ়োৱা হৈছিল যদিও বৰ্তমান বৰবলিৰ দিনা ভক্তই আগবঢ়োৱা ছাগলী-হাঁহ আদি বলি দিয়া হয় । জাগ্ৰত দেৱী দৌলৰূপে পৰিচিত এই দৌলত দুৰ্গা পূজাৰ সময়ত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ লোক আহি আগবঢ়াই পূজা । আস্থা আৰু ভক্তিৰ প্ৰতীক শিৱসাগৰৰ দেৱী দৌলৰ আছে সম্প্ৰীতিৰ আন এক পৰম্পৰা । প্ৰতি বছৰে এই দুৰ্গা পূজাৰ নৈবেদ্যৰ এক অংশ আগবঢ়াই আহিছে মুছলমান সম্প্ৰদায়ৰ দৌল্লা পৰিয়াললৈ ।

লগতে পঢ়ক : তেজপুৰত মহালয়াৰ ব্যাপক আয়োজন

জানিব পৰা মতে, দৌল প্ৰতিষ্ঠাৰ কালৰে পৰা শিৱসাগৰৰ দৌল্লা পৰিয়ালৰ পূৰ্ব পুৰুষে দেৱী দৌলত ঢাক বজাই আহিছিল । যাৰ বাবে তেতিয়াৰ দিনতেই দৌল্লা পৰিয়ালে লাভ কৰিছিল দুৰ্গা পূজাৰ নৈবেদ্যৰ ভাগ । পৰৱৰ্তী সময়ত দৌলত ঢাক বজোৱাৰ পৰম্পৰা নাইকিয়া হ'ল যদিও দৌল্লা পৰিয়ালে পূজাৰ নৈবেদ্যৰ ভাগ পোৱাৰ পৰম্পৰা অব্যাহত থাকিল ।

সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন শিৱসাগৰৰ দেৱী দৌলত

পূৰ্বতে দেৱীলৈ বুলি আগবঢ়োৱা ছাগলী দৌল্লা পৰিয়াললৈ প্ৰদান কৰা হৈছিল ৷ কিন্তু বৰ্তমান দুৰ্গা পূজাৰ নৈবেদ্যৰ এটা অংশ আগবঢ়োৱা হয় দৌল্লা পৰিয়ালটোক । প্ৰজন্মৰ পাচত প্ৰজন্ম ধৰি চলি অহা এই সম্প্ৰীতিৰ নিদৰ্শনত এইবাৰ অংশ ল’ব দৌল্লা পৰিয়ালৰ আন এক নতুন প্ৰজন্মই ।

বহু বছৰ ধৰি দৌলৰ পূজাৰ ভাগ গ্ৰহণ কৰি অহা দৌল্লা পৰিয়াল জেষ্ঠ মণিৰুদ দৌল্লাৰ মৃত্যুৰ পাছত তেওঁ পাচৰ প্ৰজন্মই এইবাৰ পালন কৰিব এই পৰম্পৰা । যি হৈছে ধৰ্মীয় বিশ্বাসৰ মাজত শান্তি আৰু সম্প্ৰীতিৰ পৰম্পৰা । নতুন প্ৰজন্মৰ জৰিয়তে অব্যাহত থাকিব ধৰ্মীয় বিশ্বাস আৰু আস্থাৰ এই দীঘলীয়া যাত্ৰা ৷

লগতে পঢ়ক: জ্যোতিষীৰ দৃষ্টিৰে কেনে হ’ব শাৰদীয় দূৰ্গা পুজা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.