ETV Bharat / state

Operation Bond Sign in Sivasagar: অপাৰেচন 'বণ্ড চাইন'ক লৈ শিৱসাগৰত সৰৱ দল-সংগঠন

author img

By

Published : May 20, 2023, 4:17 PM IST

অপাৰেচন বণ্ড চাইনৰ বিৰুদ্ধে শিৱসাগৰত ক্ষুব্ধ বিভিন্ন দল-সংগঠন ৷ শনিবাৰে শিৱসাগৰত বিভিন্ন দল-সংগঠনৰ নেতৃত্ব চৰকাৰৰ এই অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে (Operation Bond Sign in Sivasagar) ৷

Operation Bond Sign in Sivasagar
শিৱসাগৰত ক্ষুব্ধ বিভিন্ন দল-সংগঠন
অপাৰেচন 'বণ্ড চাইন'ৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া

শিৱসাগৰ, 20 মে’: শিৱসাগৰত জিলা প্ৰশাসনৰ অপাৰেচন বণ্ড চাইনৰ বিৰুদ্ধে ক্ষুব্ধ বিভিন্ন দল-সংগঠন ৷ এই কাৰ্যৰ ফলত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অসম চৰকাৰৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন ৷ শিৱসাগৰৰ কেইবাটাও দল-সংগঠনৰ অভিযোগ অনুসৰি বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ পাচত এইবাৰ শিৱসাগৰৰ আন দল-সংগঠনসমূহৰ বিৰুদ্ধে প্ৰশাসনে চলাইছে অপাৰেচন বণ্ড চাইন ৷ শৃংখল চলিহাৰ মুক্তিক লৈ হ'ব পৰা প্ৰতিবাদী কাৰ্যসূচীৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ প্ৰশাসনে 'অপাৰেচন বণ্ড চাইন' আৰম্ভ কৰা বুলি অভিযোগ কৰিছে দল-সংগঠন সমূহে (Operation Bond Sign in Sivsagar) ৷

ভাৰতীয় কাৰ্যবিধি আইনৰ ধাৰা 107ৰ অধীনত 'বণ্ড চাইন' কৰাই আগন্তুক এবছৰৰ বাবে প্ৰতিবাদ, ধৰ্ণা,উত্তেজিত কৰিব পৰা ভাষণ আদিৰ পৰা নিষিদ্ধ কৰা হৈছে সংগঠন সমূহক‌ ৷ ইতিমধ্যে ভাৰতীয় কাৰ্যবিধি আইনৰ ধাৰা 107ৰ অধীনত জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্ত, অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক প্ৰশান্ত বৰগোঁহাই, বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সচিব অনুপম সন্দিকৈ আৰু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সচিব প্ৰধান ৰণ্টু পানী ফুকনক 'বণ্ড চাইন' কৰোৱা হৈছে (Reaction on Operation Bond Sign in Sivasagar) ৷

এই ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ৷ এই অগণতান্ত্ৰিক প্ৰক্ৰিয়াক বিধায়ক গৰাকীয়ে সামাজিক মাধ্যমত তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পাছতে আজি শনিবাৰে শিৱসাগৰত বিভিন্ন দল-সংগঠনৰ নেতৃত্ব সৰৱ হৈ পৰে এই অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে ৷ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্যকৰী সভাপতি এম.আই.বড়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সভাপতি পৰাশৰ কোঁৱৰ, আম আদমী পাৰ্টিৰ নেতা বিদ্যুৎ গগৈ, ৰাইজৰ দলৰ নেতা পল্লৱ গগৈয়ে চৰকাৰ তথা প্ৰশাসনৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰে (Akhil Gogoi Reacts on Operation Bond Sign) ৷

চৰকাৰ তথা প্ৰশাসনৰ এই অগণতান্ত্ৰিক কাৰ্যই অসমৰ ৰাইজৰ প্ৰতি, শিৱসাগৰৰ ঐতিহ্যৰ প্ৰতি ভাবুকি আনিছে বুলি মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সভাপতি পৰাশৰ কোঁৱৰে ৷ লগতে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্যকৰী সভাপতি এম.আই.বড়াই কয় যে, স্বদেশ-স্বজাতিৰ হকে মাত মাতি অহা দল-সংগঠনৰ নেতাৰ মুখৰ বাক স্বাধীনতা কাঢ়ি এইখন চৰকাৰে নিজৰ ফেচিষ্ট চৰিত্ৰ উদঙাই দিছে (SMSS Leader Reacts on Operation Bond Sign) ৷

লগতে পঢ়ক: Jan Sampark Abhiyan: বিজেপিৰ ক'ৰ কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক, অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.