ETV Bharat / state

নিতাল নিস্তব্ধ আজি ৰংঘৰৰ বাকৰি - ঐতিহ্যপূৰ্ণ ৰংঘৰ বাকৰিৰ বিহু

পহিলা ব'হাগত উদুলি মুদুলি নহ'ল ৰংঘৰৰ বাকৰি ৷ COVID-19 ৰ বাবে বাতিল হ'ল ঐতিহ্যপূৰ্ণ ৰংঘৰ বাকৰিৰ বিহু ৷

ranghar bihu committee not  organised  any cultural function
নিতাল নিস্তব্ধ আজি ৰংঘৰৰ বাকৰি
author img

By

Published : Apr 14, 2020, 8:50 PM IST

শিৱসাগৰ,14 এপ্ৰিলঃ পহিলা ব'হাগত উদুলি মুদুলি হৈ থাকে শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি ৷ কিন্তু আজি তাৰ সম্পূৰ্ণ বিপৰীত ছবি পৰিলক্ষিত হ'ল ৷ নিতাল নিস্তব্ধ হৈ ৰ'ল ৰংঘৰৰ বাকৰি ৷ COVID-19ৰ বাবে আয়োজক বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে বাতিল কৰিলে ৰংঘৰ বাকৰিৰ বিহু। পুৱা উদযাপন সমিতিৰ কেইজনমান বিষয়ববীয়া উপস্থিত হৈ ৰংঘৰ বাকৰিত বিহুৰ পতাকা উত্তোলন কৰি বাতিল কৰিলে বিহুৰ আন সকলো কাৰ্যসূচী।

উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যৰ আকৰ্ষণৰ কেন্দ্ৰ স্বৰূপ ৰংঘৰ বাকৰিৰ ৰঙালী বিহু বিগত কেইবাটাও বছৰ ধৰি ব্যাপক উলাহ উদ্দীপনাৰে পালন কৰি অহা হৈছিল। প্ৰতিকী স্বৰ্গদেউক লৈ কৰা শোভাযাত্ৰা আৰু মুকলি বিহু এই কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ ৰূপে বিবেচিত হৈছিল। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ গীত নৃত্যৰ ছন্দত মুখৰিত ৰংঘৰ বাকৰি আজি উকা আৰু উৰুঙা হৈ থাকিল । ৰংঘৰ বাকৰিত ঢোলৰ গুমগুমণিও নাছিল, নাছিল বিহুৱা ডেকা গাভৰুৰ বিহু আৰু বিহুৰ প্ৰাণ ভৰি উঠা গীত নৃত্য । বিহু উদযাপন সমিতিৰ উদ্যোক্তা সকলে বিহুৰ পতাকা উত্তোলন কৰি বিহুৰ আনুষ্ঠানিকতা সম্পন্ন কৰে আৰু অহা বছৰলৈ বিহু ভালকৈ পালন কৰাৰ প্ৰতিশ্ৰুতি দি এইবাৰ ৰাইজক ঘৰত থাকিয়ে বিহু পালন কৰাৰ বাবে আহ্বান জনায়।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.