আমগুৰি, ১৭ এপ্ৰিল: মানুহে মাটিত থিয় হৈও আকাশ চুব পাৰে । প্ৰতিজন মানুহেই নিজক চাব বিচাৰে । প্ৰতিজন মানুহেই আনৰ মাজত নিজক চাব বিচাৰে । অসমীয়া সংস্কৃতিৰ আজীৱন সাধক, গৱেষক, সংস্কৃত পণ্ডিত, লেখক ড৹ কৃষ্ণকান্ত সন্দিকৈয়ে আনৰ মাজত নিজক চাব পাৰিছে । এই মন্তব্য চাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ প্ৰাক্তন ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা চিন্তাবিদ তুৱাৰাম খনিকৰৰ ।
দেওবাৰে ঐতিহাসিক জাঁজী জামুগুৰিৰ সাৰ্বজনীন দুৰ্গোৎসৱ প্ৰেক্ষাগৃহত আমগুৰি বান্ধৈ নামৰ সামাজিক অনুষ্ঠানটোৱে ‘ৰঙামুৱা বীৰ’ বঁটা (Rangamua Veer award) প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকি ড৹ কৃষ্ণকান্ত সন্দিকৈক এই বঁটা প্ৰদান কৰে চিন্তাবিদ তুৱাৰাম খনিকৰে (Rangamua Veer award to Krishnakant Handique)। অসমীয়া সংস্কৃতিৰ আজীৱন সাধক, গৱেষক, সংস্কৃত পণ্ডিত, লেখক ড৹ কৃষ্ণকান্ত সন্দিকৈক ‘ৰঙামুৱা বীৰ’ বঁটা প্ৰদান কৰা অনুষ্ঠানতে বন্তি প্ৰজ্বলন কৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ৰজনীকান্ত গোস্বামীয়ে ।
কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ অকন চন্দ্ৰ শইকীয়াই ৰঙামুৱা বীৰৰ প্ৰতিচ্ছবি উন্মোচন কৰা সভাতে ‘আমগুৰি বান্ধৈ’ৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য আগবঢ়ায় আমগুৰি বান্ধৈৰ অন্যতম কৰ্ণধাৰ তথা মৰাণ বীৰ ৰাঘব মৰাণ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমৰজিৎ শইকীয়াই ৷ বক্তব্যত তেওঁ এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ আমগুৰি সমষ্টি সমন্বয়ৰক্ষী সমিতিৰ উদ্যোক্তাসকলে পাছলৈ গঠন কৰা বেচৰকাৰী সামাজিক অনুষ্ঠান ‘আমগুৰি বান্ধৈ’ৰ সদস্যসকল আজিৰ তাৰিখত অসমৰ বিভিন্ন ঠাইত কৰ্মৰত হৈ থকাৰ লগতে বিভিন্ন সামাজিক কামত জড়িত হৈ আছে ৷
স্থানীয় এই জামুগুৰি চাপৰিত এসময়ত মান আৰু অসমীয়া সেনাৰ যুদ্ধত এই অঞ্চলৰ ‘ৰঙামুৱা’ নামৰ এজন বীৰ সন্তানে দেশৰ কাৰনে যুঁজ দি প্ৰাণ আহুতি দিছিল৷ যাৰ আলমত ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱাই বিখ্যাত কবিতা ‘ৰঙামুৱা বীৰ’ ৰচনা কৰিছিল ৷ এই বিষয়ত এক বিশেষজ্ঞ কমিটিৰ দ্বাৰা গৱেষণা কৰি থকাৰ কথাও তেওঁ উল্লেখ কৰে৷ এইবছৰৰ পৰা প্ৰতিবছৰে উক্ত বীৰজনৰ নামত সমাজৰ বাবে উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক আমগুৰি বান্ধৈয়ে এই বঁটা আগবঢ়াই যাব ৷
এই অনুষ্ঠানতে সংগঠনটোৰ সম্পাদক জীৱনকৃষ্ণ গোস্বামীৰ নেতৃত্বত গঠন হোৱা বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা ‘ৰঙামুৱা বীৰ’ৰ এখন আলোকচিত্ৰ উন্মোচন কৰে লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড৹ অকন চন্দ্ৰ শইকীয়াই ৷ ভাষণ প্ৰসংগত তেওঁ এসময়ত ৰঙামুৱা বীৰ কবিতাৰ স্ৰষ্টা বিনন্দ চন্দ্ৰ বৰুৱা লগত থকা সানিধ্য আৰু তেওঁৰ দ্বাৰাই এই বীৰজনৰ অতীত গাঁথা পোহৰলৈ অহাত অৰিহণা থকা বুলি ব্যক্ত কৰে ৷
সংগঠনটোৰ অন্যতম কৰ্ণধাৰ দিখৌমুখ মহাবিদ্যালয় অধ্যক্ষ ড৹ ৰঞ্জিত কুমাৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত সত্যব্ৰত গোস্বামীয়ে বৰগীত আৰু নিখিল শইকীয়াই ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতা ৰঙামুৱা বীৰ পাঠ কৰে৷ দেওবাৰৰ অনুষ্ঠানতে স্থানীয় তিনিটা পথৰ নাম ক্ৰমে ৰঙামুৱা, প্ৰয়াত শিক্ষাবিদ মহেন্দ্ৰ কুমাৰ বৰুৱা আৰু প্ৰয়াত সাহিত্যিক চিত্ৰলতা ফুকনৰ নামত নামাকৰণ কৰাৰ প্ৰস্তাৱ চৰকাৰলৈ পঠাবলৈ সিদ্ধান্ত লোৱা হয় ৷
বঁটা প্ৰাপক ড৹ সন্দিকৈক সদৌ শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সন্থাৰ হৈ সভাপতি প্ৰসেনজিৎ গগৈ, উপ-সভাপতি সমীৰণ দুৱৰা, সদস্য মানস প্ৰতীম বৰুৱা আৰু সৌৰভজ্যোতি দুৱৰাই এই সভাতেই সম্বৰ্ধনা জনায়৷ শেষত শলাগৰ শৰাই আগবঢ়ায় যদুমণি গোস্বামীয়ে ৷
লগতে পঢ়ক: মেৰাপানীত দুই বিশেষভাৱে সক্ষম যুৱক-যুৱতীৰ বিয়াকলৈ দেখা গ’ল ব্যাপক উৎসাহ