শিৱসাগৰ, 13 ফেব্ৰুৱাৰী: "হিমন্ত বিশ্ব শৰ্মাৰ সকলো কথা শিলৰ ৰেখা নহয় ৷ তেঁওৰ কথাই মানিব লাগিব বুলি কোনো কথা নাই ৷ আমাৰ সভাত কিমান মানুহ হয় বা নহয় , সেই লৈ তেওঁ মূৰ ঘমাব নালাগে ৷" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ শনিবাৰে দলৰ অন্য শীৰ্ষ নেতৃবৰ্গৰ সৈতে শিৱসাগৰৰ বর্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব লগীয়া জনসভাস্থলীৰ প্ৰস্তুতিৰ বুজ লৈ বৰাই এই মন্তব্য কৰে ৷
অসম বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজনৈতিক পথাৰখনত ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে ৷ দেওবাৰে অৰ্থাৎ 14 ফেব্ৰুৱাৰী তাৰিখে অসমত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী আহি উপস্থিত হ'ব ৷ এই লৈ শিৱসাগৰৰ 108 নং বিধান সমষ্টিত কংগ্ৰেছে সমষ্টি দখলৰ পূৰ্ণ যোজা চলাইছে ৷ শনিবাৰে শিৱসাগৰৰ বর্ডিং খেলপথাৰৰ সভাথলীৰ প্ৰস্তুতিৰ বুজ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে যে উক্ত জনসভাৰ বাবে তেঁওলোকে প্ৰায় 25,000 লোকৰ উপস্থিতি আশা কৰিছে ৷
ইফালে হিমন্ত বিশ্ব শৰ্মাই উক্ত সভাথলীত 15,000 তকৈ বেছি মানুহ নধৰে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰাই কয় যে, মানুহ হয় নে নহয় এই লৈ শৰ্মাই মূৰ ঘমোৱাৰ প্ৰয়োজন নাই ৷ ফ্ৰি চাইল কাটি দিয়া হ'ব আৰু অৰুনোদই কাটি দিয়া হ'ব ইত্যাদি ভাবুকিৰে বিজেপিৰ সভালৈ ব্লেকমেইল কৰি মানুহ অনা হয় বুলি অভিযোগ কৰি বৰাই কয় যে, "এই বিলাক কথা লৈ তেওঁ মূৰ ঘমাব নালাগে ৷ মানুহ সভালৈ কেনেকৈ আহিছে সেইটোহে বিচাৰ্য বিষয় ৷ মানুহ স্বতস্ফূৰ্তভাৱে আহে নে ব্লেকমেইল কৰি অনা হয় সেইটোহে চাব লাগে ৷ বিজেপিৰ মিটিঙবোৰলৈতো মানুহক ব্লেকমেইলিঙ কৰি আনে ৷ আমাৰ সভাত কিমান মানুহ আহে সেইটো তেওঁৰ কনচাৰ্ন হ'ব নালাগে ৷"
উল্লেখ্য যে, ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব লগীয়া জনসভাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ অন্যান্য কৰ্মী সকলৰ লগতে শীৰ্ষ নেতা সকলৰো মাজতো ব্যপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৷ মূল মঞ্চৰ উপৰিওসাংস্কৃতিক কাৰ্যসূচীৰ বাবে এক বিশেষ মঞ্চ তৈয়াৰ কৰা হৈছে ৷ কংগ্ৰেছৰ শীৰ্ষ নেতা সকলে জানিবলৈ দিয়া মতে, সভাত অংশগ্ৰহণ কৰিবলৈ উজনি অসমৰ পৰা ভিন্ন প্ৰান্তৰ কংগ্ৰেছ কৰ্মী সকল সমবেত হ'ব বুলি আশা কৰা হৈছে ৷ শনিবাৰে নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙ, সম্পাদক চাকিল আহমেদ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি বহু শীৰ্ষ নেতাই শিৱসাগৰৰ বর্ডিং খেলপথাৰত উপস্থিত হৈ সভাৰ আয়োজন সম্পৰ্কত বুজ লয় ৷
লগতে পঢ়ক: লক্ষ্য 21 ৰ নিৰ্বাচন: শিৱসাগৰত অসম বচাওঁ আহক কাৰ্যসূচী