ETV Bharat / state

Protest at Amguri : পঞ্চায়ত সচিবক হালোৱা এচাৰিৰে কোবোৱাৰ ধমক আঁচনি বঞ্চিত হিতাধিকাৰীৰ

author img

By

Published : Mar 21, 2023, 5:28 PM IST

পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে শিৱসাগৰত ৰাইজৰ প্ৰতিবাদ (Public protest in Amguri)। আঁচনিৰ সুবিধাৰ পৰা প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ । স্থানীয় পুৰুষ-মহিলাই ঘেৰাও কৰিলে বৰাহীবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় ।

Protest at Amguri
শিৱসাগৰৰ বৰাহীবাৰী গাঁও পঞ্চায়তত প্ৰতিবাদ

আমগুৰি, ২১ মাৰ্চ : "আপোনাৰ নিচিনা সচিব প্ৰধানক হালোৱা এচাৰিৰে কোবাই খেদি উলিয়াই দিয়া মানুহ আমি ।" চৰকাৰী আঁছনিৰ পৰা বঞ্চিত হিতাধিকাৰীৰ ক্ষোভ মিশ্ৰিত মন্তব্য এয়া । শিৱসাগৰ জিলাৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিক এনেদৰে ধমক দিলে একাংশ হিতাধিকাৰী আৰু স্থানীয় লোকে । অৰুণোদয় আঁচনিৰ লগতে চৰকাৰী আন আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত একাংশ হিতাধিকাৰীয়ে মঙলবাৰে পঞ্চায়ত ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে (Public protest in Amguri)। য'ত পঞ্চায়ত সচিব প্ৰধানক উদ্দেশ্যি ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল ।

শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰাহীবাৰী গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ তোলে ৰাইজে (Scam in Govt scheme)। প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ নামতো জাতি-ভেদ বিচাৰ কৰাৰ অভিযোগ বঞ্চিত হিতাধিকাৰীসকলৰ ।

প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰথম দাস উপাধিৰ লোকে পাব তাৰ পাচত গগৈ আৰু অৱশেষত মুছলমানে লাভ কৰিব বুলি পঞ্চায়তৰ প্ৰতিনিধিয়ে কোৱা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী হিতাধিকাৰীসকলে । আনহাতে, চৰকাৰী আঁচনি ৰূপায়ণত বৰাহীবাৰী পঞ্চায়তত ব্যাপক দুৰ্নীতিৰো অভিযোগ কৰে লোকসকলে । পঞ্চায়তখনত চলা দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভিত হৈ মহিলাসকল ওলাই আহি পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰাৰ লগতে উচিত তদন্তৰ দাবী তোলে (Public protest against panchayat worker)।

যি সময়ত শাসনাধিষ্ঠিত চৰকাৰে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ পঞ্চায়তক নিৰ্দেশ দিছে তেনে সময়তে আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰাহীবাৰী গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Corruption in panchayat)।

উল্লেখ্য যে, কেৱল শিৱসাগৰ জিলাতে নহয় ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । যোগ্য় হিতাধিকাৰী বঞ্চিত হোৱাৰ বিপৰীতে একাংশ লোকক বেআইনীভাৱে আঁচনিৰ সুবিধা প্ৰদানৰ অভিযোগ উত্থাপন হৈ আহিছে । কিন্তু চৰকাৰ তথা প্ৰশাসনে এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ?

লগতে পঢ়ক : Poshon Pokhwada celebration at Kalgachia: পোষণ পখোৱাৰা উদযাপন উপলক্ষে সজাগতা ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.