ETV Bharat / state

শিৱসাগৰ খাদ্য নিগম গুডামৰ পাৰ্কিঙৰ বিৰুদ্ধে সৰৱ ৰাইজ - protest in sivsagar

শিৱসাগৰ খাদ্য নিগমৰ গুদামৰ সন্মুখত বিশৃংখলভাৱে ৰখাই থোৱা ট্ৰাকসমূহে অসুবিধা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে তেওঁলোকৰ অসুবিধাৰ কথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ কৰিছে ৷

শিৱসাগৰ খাদ্য নিগম
শিৱসাগৰ খাদ্য নিগম
author img

By

Published : Oct 13, 2020, 4:29 PM IST

শিৱসাগৰ, 13 অক্টোবৰ: শিৱসাগৰ নগৰৰ সমীপৱৰ্তী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন মিলনপুৰ অঞ্চলত নীতি বৰ্হিভূতভাৱে ৰখা বৃহৎ ট্ৰাকসমূহে সৃষ্টি কৰা অসুবিধাৰ বিৰুদ্ধে মঙলবাৰে সৰৱ হ'ল স্থানীয় ৰাইজ ৷ শীঘ্ৰেই সেই সমস্যা সমাধানৰ দাবীৰে মঙলবাৰে স্থানীয় ৰাইজ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ এগৰাকী প্ৰভাৱশালী ব্যক্তিৰ ছত্ৰছাঁয়াত থকা খাদ্য নিগমৰ গুদাম ঘৰক লৈ ৰাইজে আঙুলি টোৱাইছে শিৱসাগৰ জিলা প্ৰশাসনলৈ ৷

শিৱসাগৰ খাদ্য নিগম গুডামৰ পাৰ্কিঙৰ বিৰুদ্ধে সৰৱ ৰাইজ

দীর্ঘদিন ধৰি স্থানীয় ৰাইজে গুদামটোৰ সন্মুখত বিশৃংখলভাৱে ৰখাই থোৱা ট্ৰাকসমূহৰ পৰা সম্ভাব্য দুর্ঘটনাৰ বিষয়ে যান-বাহন আৰক্ষী তথা প্ৰশাসনক অৱগত কৰি আহিছে যদিও, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে গুদামৰ লেতেৰা পানীয়েও স্থানীয় বাসিন্দাসকলক দীৰ্ঘদিনে জ্বলাকলা খুৱাইছে বুলিও অভিযোগ কৰিছে ৰাইজে ৷ কেৱল ইমানেই নহয়, গুদামত থকা কৰ্মচাৰীয়ে স্থানীয় মহিলা তথা যুৱতীক অশ্লীল ইংগিত দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ স্থানীয় ৰাইজৰ লগতে বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছে গুদাম তথা গুদামৰ মালিকৰ ৷

লগতে পঢ়ক: যোৰহাটত উপায়ুক্ত কাৰ্যালয়ত দালালিৰ দপদপনি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.