ETV Bharat / state

আমগুৰিত আহোম জাতীয় গণমঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Mar 19, 2021, 7:39 PM IST

নাগৰিকত্ব সংশোধনী আইন বাতিলকে ধৰি কেইবাটাও দাবীত শিৱসাগৰৰ আমগুৰিত আহোম জাতীয় গণমঞ্চৰ অৱস্থান ধৰ্মঘট । আমগুৰি চাৰিআলি সমীপত সগঠনটোৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় একাংশ স্থানীয় লোকেও ।

আমগুৰিত আহোম জাতীয় গণমঞ্চৰ অৱস্থান ধৰ্মঘট

আমগুৰি, ১৯ মাৰ্চ: পুনৰ গাদী দখলৰ লক্ষ্যৰে বিজেপিয়ে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে শিৱসাগৰৰ আমগুৰিত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আহোম জাতীয় গণমঞ্চ, অসম । শুক্ৰবাৰে সংগঠনটোৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, আমগুৰি নগৰৰ মাজত থকা ৰে'লৱে ক্ৰচিং শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । লগতে নিম্নমানৰ সামগ্ৰীৰে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ অভিযোগ তুলি পুনৰ সঠিকভাৱে ঘাইপথ নিৰ্মাণ কৰিবলৈও সংগঠনটোৱে দাবী জনায় ।

চৰকাৰবিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । আমগুৰি চাৰিআলি সমীপত ৰূপায়ণ কৰা ধৰ্মঘট কাৰ্যসূচীত একাংশ স্থানীয় লোকেও অংশ লয় । সংগঠনটোৰ দাবী মানি নল'লে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:ছাত্ৰ ছাত্ৰীৰে সৈতে লাহোৱালত ৰাহুল গান্ধীৰ মত বিনিময়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.