ETV Bharat / state

ক'লা পতাকাৰ ত্ৰাসত শিৱসাগৰ আৱৰ্ত ভৱনত আৱদ্ধ তপন গগৈ

author img

By

Published : Jan 2, 2020, 11:36 PM IST

বৃহস্পতিবাৰে দলীয় কৰ্মীৰ সৈতে বৈঠকত মিলিত হ'বলৈ সোণাৰীৰ পৰা শিৱসাগৰ আৱৰ্ত ভৱনত উপস্থিত হৈছিল সাংসদ তপন গগৈ ৷ ইয়াৰ পাচতে ছাত্ৰ সন্থাই শিৱসাগৰ আৱৰ্ত ভৱনৰ সন্মুখত তপন গগৈৰ বিৰুদ্ধে ক'লা পতাকা প্ৰদৰ্শন কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

Protest against Tapan gogoi
ক'লা পতাকাৰ ত্ৰাস

শিৱসাগৰ, 2 জানুৱাৰীঃ বৃহস্পতিবাৰে শিৱসাগৰ আৱৰ্ত ভৱনৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাই ক'লা পতাকা প্ৰদৰ্শন কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি সাংসদ তপন গগৈৰ বিৰুদ্ধে ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ যাৰ ফলত শিৱসাগৰ আৱৰ্ত ভৱনত আৱদ্ধ হৈ পৰে সাংসদগৰাকী ৷ ছাত্ৰ সন্থাৰ সদস্য সকলে "তপন গগৈ গ' বেক", "বিজেপি হুচিয়াৰ", "CAA বাতিল কৰক" আদিৰ দৰে চৰকাৰ বিৰোধী ধ্বনিৰে শিৱসাগৰ আৱৰ্ত ভৱন চৌহদ উত্তাল কৰি তোলে ।

ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

উল্লেখ্য যে, দলীয় কৰ্মীৰ সৈতে বৈঠকৰ বাবে তপন গগৈ সোণাৰীৰ পৰা শিৱসাগৰ আৱৰ্ত ভৱনত উপস্থিত হৈছিল ৷ ইয়াৰ পাচতে এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । ছাত্ৰ সন্থাৰ এই বিক্ষোভ কাৰ্যসূচীৰ বাবে ডেৰ ঘণ্টা ধৰি সাংসদগৰাকী আৱৰ্ত ভৱনত আবদ্ধ হৈ পৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৱৰ্ত ভৱনৰ সন্মুখত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় যদিও প্ৰতিবাদী ছাত্ৰ কৰ্মী সকলে সাংসদগৰাকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে জাতিৰ সংকটৰ সময়ত গগৈয়ে নিমাতি কইনাৰ ভাও ধৰাৰ অভিযোগ কৰে ছাত্ৰ সন্থাই ৷ আনহাতে সাংসদ তপন গগৈৰ নিৰ্দেশত বলপূৰ্বকভাৱে আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা সাধাৰণ সম্পাদক সমীৰণ ফুকন সহ অৰ্ধ শতাধিক আছু কৰ্মীক বেআইনী জনতা ঘোষণা কৰি শিৱসাগৰ জিলা প্ৰশাসনে তেওঁলোকক আটক কৰে ।

লগতে পঢ়ক - নিলামবজাৰ হত্যাকাণ্ডৰ দুই অভিযুক্তক আটক

Intro:Body:*কলা পতাকাৰ ত্ৰাসত তপন গগৈ: আবদ্ধ হৈ ৰল শিৱসাগৰ আৱৰ্ত ভৱনত- আছু কৰ্মীক আটক আৰক্ষীৰ*

Story- TAPAN GOGOI GHERAU
Ananta Smith
Sivasagar
02nd January

কলা পতাকা লৈ শিৱসাগৰ আৱৰ্ত ভৱনৰ সমুখত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ।যোৰহাট লোকসভা সমষ্টিৰ বি জে পি ৰ সাংসদ তপন গগৈৰ বিৰুদ্ধে ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে এই কাৰ্যসূচী।তপন গগৈ গ বেক,বি জে পি হুচিয়াৰ,CAA বাতিল কৰক ধ্বন্নিৰে উত্তাল শিৱসাগৰ আৱৰ্ত ভৱন।

কলা পতাকাৰ ত্ৰাসত তপন গগৈ আবদ্ধ হৈ ৰৈছে আৱৰ্ত ভৱনত।

দলীয় কৰ্মীৰে বৈঠকৰ বাবে গগৈ সোনাৰীৰ পৰা শিৱসাগৰ আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পাছতে এই অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈ।ডেৰ ঘণ্টা ধৰি সাংসদ গৰাকী আবদ্ধ হৈ আছে আৱৰ্ত ভৱনত।আৱৰ্ত ভৱনৰ সমুখত নিৰাপত্তাৰ কটকটীয়া ব্যৱস্থা কৰা হৈছে যদিও প্ৰতিবাদী ছাত্ৰ কৰ্মীৰ উত্তাল প্ৰতিবাদ সাংসদ গৰাকীৰ বিৰুদ্ধে।জাতিৰ সংকটৰ সময়ত গগৈয়ে নিমাতি কন্যাৰ ভাও ধৰাৰ অভিযোগ আছুৰ।

সাংসদ তপন গগৈৰ নিৰ্দেশত বলপূৰ্বকভাবে আটক আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা সাধাৰণ সম্পাদক সমীৰণ ফুকন সহ অৰ্ধ শতাধিক আছু কৰ্মীক বেআইনী জনতা ঘোষণা কৰি আটক কৰে শিৱসাগৰ জিলা প্ৰশাসনে।

BITE:শৰৎ হাজৰিকাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.