ETV Bharat / state

দ্ৰুতগতিত চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশনৰ প্ৰস্তুতি

২৫ ফেব্ৰুৱাৰী পৰা নাহৰকটীয়াৰ ৰাঙলীপথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন (Preparation of Srimanta Shankardev Sangha's Naharkatia adhibexon) ৷ হৰিনামেৰে মুখৰ হ'ব অধিৱেশনথলী।#একেলগে চাৰি হাজাৰ ভকতে খাব পৰা খাদ্যগৃহৰ লগতে ১৪০ টাকৈ চৌকা সাজু হৈ উঠিছে

author img

By

Published : Feb 10, 2022, 12:16 PM IST

preparation-of-srimanta-shankardev-sanghas-naharkatia-adhibexon-in-full-swing
দ্ৰুতগতিত চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশনৰ প্ৰস্তুতি

মৰাণ, 10 ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ তম বাৰ্ষিক অধিবেশন নাহৰকটীয়াৰ (Srimanta Shankardev Sangha's Naharkatia adhibexon) ৰাঙলীপথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন ক্ষেত্ৰত অহা ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব । পূৰ্বতে এই অনুষ্ঠান চলিত মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল এই কাৰ্যসূচী (Srimanta Shankardev Sangha's adhibexon rescheduled) ।

আদৰণি সমিতিয়ে ইতিমধ্যেই ইয়াৰ বাবে যাৱতীয় কামকাজ দ্ৰুতগতিত আগুৱাই নি এই পৰ্যন্ত সম্পূৰ্ণ কৰিছে প্ৰায় ৬০% কাম । ক'ভিড পৰিস্থিতি হ্ৰাস পোৱাৰ ফলত এতিয়া সম্পূৰ্ণ পূৰ্ণাংগ ৰূপত এই অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে ৷ লগতে অহা ২৩ তাৰিখৰ পৰাই অনুষ্ঠানভাগিত অনুষ্ঠিত কৰা হ'ব এখনি গ্রন্থমেলা (Book fair in Srimanta Shankardev Sangha's adhibexon) ।

প্ৰায় ৩০ লাখ ভক্তৰ সমাগম হ'ব বুলি মন্তব্য কৰা আদৰণি সমিতিয়ে যুদ্ধকালীন তৎপৰতাৰে সাজু কৰি উলিয়াইছে একেলগে চাৰি হাজাৰ ভকতে খাব পৰা খাদ্যগৃহৰ লগতে ১৪০ টাকৈ চৌকা ।

আনহাতে, মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত অধিৱেশনলৈ অহা ভকত বৈষ্ণৱক প্ৰয়োজন অনুসাৰে ক'ভিড টীকাকৰণৰ ব্যৱস্থাও কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে ।

লগতে পঢ়ক : কিয় ৰাজনৈতিক দলতলৈ ব্যক্তিক হে বেছি প্ৰাধান্য দিয়াৰ কথা ওলাল ভৱেশ কলিতাৰ মুখত ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.