আমগুৰি, 19 নৱেম্বৰ : আজি বিহাৰী সম্প্ৰদায়ৰ পবিত্ৰ উৎসৱ ষঠ পূজা ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষঠ পূজাক লৈ বিশেষ প্ৰস্তুতি চলিছে ৷ শিৱসাগৰ জিলাৰ আমগুৰিতো ষঠ পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । প্ৰতি বছৰৰ দৰে এইবাৰো আমগুৰিৰ ভোজপুৰী সমাজ আৰু মাৰোৱাৰী সমাজেও আয়োজন কৰিছে ষঠ পূজা ।
ঐতিহাসিক পেঙেৰা ঘাটত ভক্তৰ বাবে সুন্দৰকৈ সজাই পৰাই তুলিছে আয়োজক কমিটিয়ে ৷ উল্লেখ্য যে, বিগত 25 বছৰে জাঁজী নদীৰ পেঙেৰা ঘাটত আয়োজন কৰি আহিছে ষঠ পূজা ৷ পূজাস্থলীতে এখন কৃত্ৰিম চিৰিয়াখানা প্ৰস্তুত কৰা হৈছে । গোলাঘাটৰ শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে এই কৃত্ৰিম চিৰিয়াখানা ৷
আয়োজক কমিটিয়ে লাখ লাখ ভক্তৰ সমাগম হ’ব বুলি আশা কৰিছে ৷ আনহাতে ষঠ পূজাৰ বাবে কেৱল বিহাৰী সম্প্ৰদায়ৰ লোকে ঘাটত সমাগম নহয়, অন্যান ধৰ্মাৱলম্বী লোকেও ষঠ পূজাস্থলীত উপস্থিত থাকে ৷ এই ক্ষেত্ৰত আয়োজক কমিটিৰ বিষয়ববীয়াই কয়, ‘‘ বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকৰ মিলনস্থলীত পৰিণত হ'ব ষঠ পূজাস্থলী । সম্প্ৰীতি আৰু একতাৰ বান্ধোনেৰে সূৰ্য দেৱতাক আৰাধনা কৰিবলৈ অগণন লোকৰ সমাগম হ'ব ।’’
উল্লেখ্য যে, ষঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ । এই পূজা বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ পালন কৰে ৷ প্ৰতি বছৰে হিন্দু কেলেণ্ডাৰ অনুসৰি কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষঠ পূজা অনুষ্ঠিত কৰা হয় । এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা ।
প্ৰবাদ অনুসৰি, ঊষাদেৱীক ছঠি মাইয়া বুলি মূল আৰাধ্য দেৱী হিচাপে গণ্য কৰা হয় । তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে ছটি মাইয়া (সৰু মা) বুলি কয় আৰু উৎসৱৰ নামো ষঠ উৎসৱ কোৱা হয় ।
লগতে পঢ়ক : বিভিন্ন দাবীৰ সমৰ্থনত শিৱসাগৰত পৌৰকৰ্মীৰ প্ৰতিবাদ