ETV Bharat / state

আমগুৰিৰ হাফলুটিঙত ৰাসৰ বাবে মুখাশিল্পীৰ ব্যস্ততা - mask for rax

শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে আখৰা । সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে মুখাশিল্পীসকলো । শিৱসাগৰৰ আমগুৰিৰ হাফলুটিঙতো মুখাশিল্পীয়ে প্ৰস্তুত কৰিছে আটকধুনীয়া মুখা ।

preaparation for Rax in Amguri
আমগুৰিৰ হাফলুটিঙত ৰাসৰ বাবে মুখাশিল্পীৰ ব্যস্ততা
author img

By

Published : Nov 3, 2021, 6:51 PM IST

আমগুৰি, ৩ নৱেম্বৰ: শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ বাবে শিৱসাগৰৰ আমগুৰিৰ হাফলুটিঙত পূৰ্ণগতিত চলিছে প্ৰস্তুতি । সমান্তৰালকৈ প্ৰস্তুত কৰা হৈছে বিভন্ন ধৰণৰ মুখা । ৰাসৰ বাবে মুখা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মুখাশিল্পী দীপাংকৰ নাথো । বিগত ১০ বছৰে এই শিল্পৰে জড়িত হৈ আছে দীপাংকৰ নাথ ।

আমগুৰিৰ হাফলুটিঙত ৰাসৰ বাবে মুখাশিল্পীৰ ব্যস্ততা

তেওঁক সংগ দিছে আন ৩ জন যুৱকে । এতিয়া দীপাংকৰ নাথে সুন্দৰকৈ প্ৰস্তুত কৰি উলিয়াইছে পুতনা ৰাক্ষসী, ময়ুৰ, হস্তী, ঘোঁৰা আদিৰ মুখা । অসমৰ বিভিন্ন জিলাত এই মুখাশিল্প প্ৰদৰ্শন কৰি আহিছে দীপাংকৰ নাথে । ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত বৰ্ষত বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল মুখাশিল্পীসকলে ।

এইবাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে মনত সাহস লৈ মহাৰাস অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে যুৱকসকলে । আনহাতে, একাংশ নিবনুৱা যুৱকে এই শিল্পকে উপাৰ্জনৰ পথ বাছি হিচাপে লৈছে আৰু নিজৰ সংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াস কৰিছে ।

পুতনা ৰাক্ষসী, ময়ুৰ, হস্তী এই সকলোবোৰ সুন্দৰকৈ প্ৰস্তুত কৰিছে দীপাংকৰ নাথে । মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ ড° হেমচন্দ্ৰ গোস্বামী আৰু জাঁজী জৰাবাৰী সত্ৰৰ মুখাশিল্পী প্ৰদীপ হাজৰিকাৰ অনুপ্ৰেৰণাত মুখাশিল্পৰ কাম আৰম্ভ কৰিছিল দীপাংকৰ নথে । শেহতীয়াকৈ চাৰিজনকৈ যুৱকক সংস্থাপন দিছে দীপাংকৰ নাথে । ডিগবৈ, ধেমাজি, লখিমপুৰ, দুলীয়াজান আদি বিভিন্ন স্থানলৈ মুখা প্ৰেৰণ কৰে শিল্পীগৰাকীয়ে আৰু এতিয়া এই মুখাবোৰে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:প্ৰবীণ ৰাজনীতিক আব্দুল মুহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.