ETV Bharat / state

অসম সাহিত্য সভাৰ উদ্যোগত পাঁচগৰাকী ভাষা কাণ্ডাৰীৰ প্ৰতিমূৰ্তি উন্মোচন

author img

By

Published : Jun 30, 2019, 5:30 PM IST

অসম সাহিত্য সভাৰ উদ্যোগত আৰু অএনজিচি অসম সম্পদৰ আৰ্থিক সহযোগত দেওবাৰে শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত উন্মোচন কৰা হয় পাঁচ গৰাকী ভাষা কাণ্ডাৰীৰ পূৰ্ণ প্ৰতিমূৰ্তি ।

অসম সাহিত্য সভাৰ উদ্যোগত পাঁচগৰাকী ভাষা কাণ্ডাৰীৰ প্ৰতিমূৰ্তি উন্মোচন

শিৱসাগৰ,30জুনঃ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোঁহাঞি বৰুৱা, অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা আৰু জ্ঞানপীঠ বঁটা প্ৰাপক ডঃ মামণি ৰয়ছম গোস্বামীৰ প্ৰতিমূৰ্তি দেওবাৰে শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত উন্মোচন কৰা হয় । অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশনৰ আদৰণি সমিতিৰ উদ্যোগত অএনজিচি অসম সম্পদৰ ১২.৫ লাখ টকাৰ আৰ্থিক সাহাৰ্যত নিৰ্মান কৰা এই পঞ্চ প্ৰতিমূৰ্তি উন্মোচন কৰে ক্ৰমে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ লক্ষ্মণন এছ, অএনজিচিৰ কাৰ্যবাহী সঞ্চালক এছ.ডি.মাস্কে, সমাজ সেৱিকা জয়শ্ৰী চলিহা,শিৱসাগৰ সাহিত্য সভাৰ সভাৰ আদৰণি সমিতিৰ কোষাধ্যক্ষ ডঃ প্ৰকাশ কটকী আৰু শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহাই । এই অনুষ্ঠানটোত সমাজ-সংস্কৃতিৰ সৈতে জড়িত বহু ব্যক্তিৰ লগতে স্থানীয় লোক উপস্থিতিত থাকে ৷ আনহাতে আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে বৰ্তমান চলি থকা মিঁঞা কবিতা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ।

Intro:অসম সাহিত্য সভাৰ উদ্যোগত আৰু অএনজিচি অসম সম্পদৰ আৰ্থিক সহযোগত আজি শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত উন্মোচন কৰা হয় পাঁচ গৰাকী ভাষা কাণ্ডাৰীৰ পূৰ্ণ প্ৰতিমূৰ্তি।

Body:অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোঁহাঞি বৰুৱা, অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা আৰু জ্ঞানপীঠ বঁটা প্ৰাপক ড০ মামণি ৰয়ছম গোস্বামীৰ প্ৰতিমূৰ্তি আজি শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত উন্মোচন কৰা হয়।অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশনৰ আদৰণি সমিতিৰ উদ্যোগত অএনজিচি অসম সম্পদৰ ১২.৫ লাখ টকাৰ আৰ্থিক সাহাৰ্যত নিৰ্মাণ কৰা এই পঞ্চ প্ৰতিমূৰ্তি উন্মোচন কৰে ক্ৰমে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, শিৱসাগৰ জিলাৰ উপায়ুক্ত ডা: লক্ষ্মণন এছ,অএনজিচিৰ কাৰ্যবাহী সঞ্চালক এছ.ডি.মাস্কে,সমাজ সেৱিকা জয়শ্ৰী চলিহা,শিৱসাগৰ সাহিত্য সভাৰ সভাৰ আদৰণি সমিতিৰ কোষাধ্যক্ষ ড০ প্ৰকাশ কটকী আৰু শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহাই।সমাজ-সংস্কৃতিৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই অনুষ্ঠান সম্পন্ন হয়।

Conclusion:আনহাতে আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে বৰ্তমান চলি থকা মিঁঞা কবিতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.