ETV Bharat / state

Sivasagar Lachit Park : ৰংপুৰত এলাগী চৰকাৰে বিশ্বত জিলিকাব খোজা বীৰ লাচিত - বীৰ লাচিতৰ প্ৰতিমূৰ্তি

আহোমৰ ৰাজধানীতে এলাগী হৈ পৰি ৰৈছে বীৰ লাচিতৰ প্ৰতিমূৰ্তি ৷ কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ শিৱসাগৰৰ স্থানীয় সচেতন লোকৰ ৷

Poor condition of Sivasagar Lachit Park
ৰংপুৰত অৱহেলিত হৈ পৰি ৰৈছে বীৰ লাচিতৰ প্ৰতিমূৰ্তি
author img

By

Published : Jul 27, 2023, 12:19 PM IST

ৰংপুৰত অৱহেলিত হৈ পৰি ৰৈছে বীৰ লাচিতৰ প্ৰতিমূৰ্তি

শিৱসাগৰ, 27 জুলাই : অসমীয়া বীৰ হিচাপে লাচিতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চৰকাৰী কুচ-কাৱাজ চলি থকাৰ সময়তেই ঐতিহাসিক ৰংপুৰত অৱহেলিত হৈ পৰি ৰৈছে বীৰ লাচিতৰ প্ৰতিমূৰ্তি ৷ কদৰ্যময় অৱস্থাত আছে অসমীয়া বীৰ লাচিতৰ প্ৰতিমূৰ্তি ৷ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখৰ মুক্তিনাথ চাৰিআলিস্থিত লাচিত পাৰ্কত আছে এই প্ৰতিমূৰ্তিটো ।

এই পাৰ্কখনতে আছে নৰিয়া গাৰে শৰাইঘাটৰ যুদ্ধত অৱতীৰ্ণ হৈ ৰামসিংহৰ নেতৃত্বত অহা মহাপৰাক্ৰমী আক্ৰমণকাৰী মোগল বাহিনীক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি প্ৰত্যাৱৰ্তন কৰিবলৈ বাধ্য কৰা মহাবীৰ লাচিত বৰফুকনৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো । শিৱসাগৰ চহৰৰ মাজমজিয়াত বীৰজনাৰ নামত থকা এই পাৰ্কখনৰ অৱস্থা দেখিলে এজন অসমীয়া হিচাপে লজ্জিত অনুভৱ কৰিব আপুনি, মই অথবা সকলোৱেই ।

শেহতীয়াকৈ অসমৰ এই বীৰগৰাকীক ৰাষ্ট্ৰীয় বীৰ ৰূপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰীভাৱে যথেষ্ট আগবঢ়া পৰিলক্ষিত হৈছে ৷ তাৰ বিপৰীতে 600 বছৰীয়া আহোম ৰাজত্বকালৰ অধিকাংশ সময় ৰাজধানী হিচাপে পৰিচিত ঐতিহাসিক ৰংপুৰতে অৰ্থাৎ এতিয়াৰ শিৱসাগৰতেই লাচিত যেন আজি অৱহেলিত ।

ইতিহাসৰ এই বীৰগৰাকীৰ নামত স্থাপন কৰা এই লাচিত পাৰ্ক অৰ্থাৎ লাচিত উদ্যানখন বছৰৰ অধিকাংশ সময় হাবি জংঘলেৰে ভৰি থাকে । একমাত্ৰ লাচিত দিৱসৰ দিনটো উদযাপনৰ কৰাৰ নামতহে কোনো কোনো দল সংগঠনে হাবি জঙ্ঘল কাটি পাৰ্কখন পৰিস্কাৰ কৰা দেখা যায় । এই অভিযোগ শিৱসাগৰৰ স্থানীয় সচেতন লোকৰ ৷

অভিযোগ অনুসৰি, বহু দল সংগঠনে বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা দেখা যায় এই লাচিত পাৰ্কৰ সন্মুখতে ৷ কিন্তু অসমীয়া বীৰগৰাকীৰ নামত স্থাপন কৰা পাৰ্কখন পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কোনো আগবাঢ়ি নাহে দায়িত্ব ল'বলৈ । কোনোবাই যদি জিলা প্ৰশাসনৰ দায়িত্ব বুলিহে গা এৰা দিয়ে, আন কোনোবাই আকৌ পৌৰসভাৰ কথা কৈ দায় সৰা মন্তব্য দি দায়িত্ব সামৰে ৷ অৱশ্যে প্ৰতি কথাতে সকলোৱে কিন্তু লাচিতৰহে নাম লয় ।

দুকুৰিৰো অধিক দল সংগঠনে দপদপাই থকা শিৱসাগৰত অসমীয়াৰ গৌৰৱ মহাবীৰ লাচিত বৰফুকনৰ নামত থকা তাতে লাচিতৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি থকা পাৰ্কখনৰ দুৰাৱস্থা দেখি প্ৰতিজন অসমীয়াই এতিয়াই কাঢ়িছে হুমুনিয়াহ । সেয়ে শিৱসাগৰৰ স্থানীয় সচেতন লোকে এই বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : Ganga aarti: বাৰাণসীত সলনি কৰা হৈছে গংগা আৰতিৰ স্থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.