শিৱসাগৰ, 23 আগষ্ট : যৌতুকৰ নামত পত্নীক হত্যাৰ চেষ্টা ৷ পৰকীয় প্ৰেমত মত্ত স্বামীৰ পৰিয়ালৰ অমানুষিক শাৰিৰীক -মানসিক অত্যাচাৰৰ বলি এটা সন্তানৰ মাতৃৰ ৷ তেজৰে লুতুৰি-পুতুৰি অৱস্থাত সংকটজনক অৱস্থাত উদ্ধাৰ আৰক্ষী- আত্মীয়ৰ ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মহিলাগৰাকীক ৷ বিবাহৰ পাছৰ পৰাই যৌতুক দাবী কৰি অহাৰ অভিযোগ শিৱসাগৰৰ ডেভিদ পেগু নামৰ অসম আৰক্ষীৰ 25 নং বেটেলিয়নৰ জোৱানগৰাকীৰ বিৰুদ্ধে ৷ ডেভিদ পেগুৰ বিৰুদ্ধে অন্য যুৱতীৰ সৈতে সম্পৰ্ক থকাৰো অভিযোগ ৷ ঘটনা সন্দৰ্ত ভগামুখ আৰক্ষী থানাত মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 35/19 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (এ)/ ৩২৫ / ৩৪২/৩০৮ আৰু ৩৪ ধাৰাত এক গোচৰ ৰুজু কৰিছে ৷ ইফালে, ভগামুখ আৰক্ষী থানাত আত্মসমৰ্পন কৰা ডেভিদ পেগুৱে সংবাদ মাধ্যমৰ আগত যৌতুক দাবী অস্বীকাৰ কৰিছে যদিও মাৰপিট কৰা বুলি স্বীকাৰ কৰিছে৷
পত্নীক নিৰ্যাতন আৰক্ষী জোৱানৰ - ভগামুখ আৰক্ষী থানা
তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ আৰক্ষী-আত্মীয়ৰ ৷ ভগামুখ আৰক্ষী থানাত গোচৰ ৰুজু ৷ মাৰপিট কৰাৰ কথা স্বীকাৰ পতিৰ
শিৱসাগৰ, 23 আগষ্ট : যৌতুকৰ নামত পত্নীক হত্যাৰ চেষ্টা ৷ পৰকীয় প্ৰেমত মত্ত স্বামীৰ পৰিয়ালৰ অমানুষিক শাৰিৰীক -মানসিক অত্যাচাৰৰ বলি এটা সন্তানৰ মাতৃৰ ৷ তেজৰে লুতুৰি-পুতুৰি অৱস্থাত সংকটজনক অৱস্থাত উদ্ধাৰ আৰক্ষী- আত্মীয়ৰ ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মহিলাগৰাকীক ৷ বিবাহৰ পাছৰ পৰাই যৌতুক দাবী কৰি অহাৰ অভিযোগ শিৱসাগৰৰ ডেভিদ পেগু নামৰ অসম আৰক্ষীৰ 25 নং বেটেলিয়নৰ জোৱানগৰাকীৰ বিৰুদ্ধে ৷ ডেভিদ পেগুৰ বিৰুদ্ধে অন্য যুৱতীৰ সৈতে সম্পৰ্ক থকাৰো অভিযোগ ৷ ঘটনা সন্দৰ্ত ভগামুখ আৰক্ষী থানাত মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 35/19 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (এ)/ ৩২৫ / ৩৪২/৩০৮ আৰু ৩৪ ধাৰাত এক গোচৰ ৰুজু কৰিছে ৷ ইফালে, ভগামুখ আৰক্ষী থানাত আত্মসমৰ্পন কৰা ডেভিদ পেগুৱে সংবাদ মাধ্যমৰ আগত যৌতুক দাবী অস্বীকাৰ কৰিছে যদিও মাৰপিট কৰা বুলি স্বীকাৰ কৰিছে৷
Story-PATNI_NIRYATAN
Ananta Smith
Sivasagar
23rd August
শিৱসাগৰত পুনৰ যৌতুক দাবীৰ ঘটনা ৷ যৌতুক নাপায় পত্নীক হত্যাৰ চেষ্টা অসম আৰক্ষী বেটেলিয়নৰ জোৱানৰ ৷ স্বামী, শাহু-শহুৰ মিলি হত্যাৰ চেষ্টা দীপামনি পেগু নামৰ এটা সন্তানৰ মাতৃ মহিলা গৰাকীক ৷ মূমুৰ্ষু অৱস্থাত আৰক্ষী আৰু আত্মীয় উপস্থিত হোৱাত কথমপি ৰক্ষা পৰিল দীপামনি ৷ তেজৰে লুতুৰি পুতুৰি অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷ পত্নীক মাৰপিট কৰাৰ কথা স্বীকাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰা দেভিদ পেগুৰ ৷
শিৱসাগৰত পুনৰ যৌতুক বিচাৰি পত্নীক হত্যাৰ প্ৰচেষ্টা চলোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা ৷
এইবাৰ যৌতুক দাবী কৰি পত্নীক হত্যাৰ চেষ্টা চলালে অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নৰ জোৱানৰ
পৰকীয়া প্ৰেম আৰু যৌতুকৰ বাবে যোৱা নিশা পত্নী দীপামনি পেগুক হত্যাৰ চেষ্টা চলাইছিল আৰক্ষী জোৱান ডেভিদ পেগু আৰু ডেভিদৰ পিতৃ-মাতৃৰ ৷
শিৱসাগৰৰ দিখৌমুখৰ দিপামনি ৮ বছৰ পূৰ্বে বিয়াত বহিছিল ভগামুখ ঔগুৰিজানৰ ডেভিদ পেগুৰ সৈতে
বিবাহৰ পাছৰ পৰাই ডেভিদে দীপামনিক দাবী কৰি আহিছিল ফ্ৰীজ, ৱাচিং মেচিনকে ধৰি বিভিন্ন সামগ্ৰী
জোৱায়েকৰ দাবী মানি দীপামনিৰ পৰিয়ালে যৌতুক আদায় দিছিল বহুবাৰ
কিন্তু অন্য মহিলাৰে অবৈধ সম্পৰ্ক ৰখা আৰক্ষী জোৱানজনে পুনৰ দাবী কৰিছিল যৌতুক ৷ নিৰ্যাতন চলাইছিল দীপামনিৰ ওপৰত ৷
শেহতীয়াভাবে শিৱসাগৰ লিগিৰীপুখুৰীস্থিত ২৫ নম্বৰ APBN ( IRBN).বেটেলিয়নৰ জোৱান হিচাপে কৰ্মৰত ডেভিদ পেগুৱে ২২ আগষ্টত ছুটি লৈ আহি পিতৃ-মাতৃৰ সৈতে মিলি নিশা হত্যাৰ চেষ্টা চলাই ৷
অৱশ্যে ওচৰ চুবুৰীয়াৰ খবৰৰ ভিত্তিত আত্মীয় আৰু ভগামুখ আৰক্ষী উপস্থিত হোৱাত মূৰ্মুষু অৱস্থাত উদ্ধাৰ হয় দীপামনি ৷ কথমপি প্ৰাণ ৰক্ষা পৰা দীপামনিক নিশাই ভগামুখ আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷
ভগামুখ আৰক্ষী থানাত দীপামনিৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩৫/ ১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (এ)/ ৩২৫ / ৩৪২/৩০৮ আৰু ৩৪ ধাৰাত এক গোচৰ ৰুজু কৰিছে ৷
ইফালে ভগামুখ আৰক্ষী থানাত আজি দুপৰীয়া ভাগত আত্মসমৰ্পন কৰা ডেভিদ পেগুৱে সংবাদ মাধ্যমৰ আগত যৌতুক দাবী অস্বীকাৰ কৰিছে যদিও মাৰপিট কৰা বুলি স্বীকাৰ কৰিছে ৷
Bite 1— দীপামনি পেগু
Bite 2— পেহীয়েক
আনহাতে বৰ্তমান আৰক্ষীৰ কৱলত থকা ডেভিদ পেগুৱে অস্বীকাৰ কৰিছে সমস্ত ঘটনা।এক সৰু কাজিয়াৰ ফলত হতাহতি হোৱাৰ ফলত পত্নীয়ে আঘাত পাই বুলি তেওঁ উল্লেখ কৰে।Conclusion: