আমগুৰি ১০ জুন : শিৱসাগৰৰ নামতি ৰজাবাৰীত উদ্ধাৰ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ ৷ গেলেকী আঠখেল বন বিভাগে পিঞ্জৰাবদ্ধ কৰে বনৰজাক ৷ ৰজাবাৰী অঞ্চলটোত দীৰ্ঘদিন ধৰি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে ৷ স্থানীয় ৰাইজৰ সহযোগত গেলেকী আঠখেল বন বিভাগে বনৰজাক ধৰিবলৈ এখন বাগিচাত পিঞ্জৰাৰ ব্যৱস্থা কৰিছিল ৷
অৱশেষত বুধবাৰে নিশা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হ’ল ৷ ইফালে পুৱালৈ নাহৰফুটুকীটো চাবৰ কাৰণে সকলো আতংক পাহৰি বহু লোকৰ সমাগম হয় বাঘটোক আৱদ্ধ কৰি ৰখা স্থানত ।
লগতে পঢ়ক: টেঙাখাতত একে নিশাই দুঘৰত বাইক চুৰি