শিৱসাগৰ,25 এপ্ৰিল : অ’এনজিচি অসম সম্পদ কৰ্তৃপক্ষৰ মইমতালি । নাজিৰাৰ মুখ্য কাৰ্যালয় চৌহদত সাংবাদিকক প্ৰৱেশত বাধা । সেনা-অৰ্ধসামৰিক বাহিনীয়ে উদ্ধাৰ কৰা দুই অপহৃত কৰ্মচাৰীক দেওবাৰে নাজিৰালৈ অনাৰ পাছতে কাৰ্যালয় চৌহদত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই ।
ইয়াৰ পূৰ্বে যোৱা ২১ এপ্ৰিলত অপহৰণ সংঘটিত হোৱাৰ দিনাও শিৱসাগৰ অ’এনজিচি কলনিত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল কৰ্তৃপক্ষই । যি সময়ত নগালেণ্ড আৰক্ষী, অসম ৰাইফলছ, অসম আৰক্ষীয়ে সাংবাদিকক সংবাদ সংগ্ৰহৰ বাবে ক'তো নিষিদ্ধ কৰা নাই সেই সময়ত অ’এনজিচি কৰ্তৃপক্ষৰ এনে ব্যৱহাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷