ETV Bharat / state

আমগুৰিত ২১ বছৰীয়া যুৱতীৰ দেহত কৰ'ণা ভাইৰাছ - coronavirus

শিৱসাগৰৰ গৌৰীসাগৰত যুৱতীৰ দেহত COVID-19ৰ উপস্থিতি । বিগত ১৯ মে' ত কলকাতাৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত ২১ বছৰীয়া যুৱতী গৰাকী উপস্থিত হৈছিল অসমত । তাৰোপৰি বহিঃৰাজ্যত কৰ্মৰত ২০ জনৰো অধিক যুৱক শিৱসাগৰ আমগুৰি কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।

আমগুৰি
আমগুৰিত ২১ বছৰীয়া যুৱতীৰ দেহত কৰ'ণা ভাইৰাছ
author img

By

Published : May 23, 2020, 9:21 PM IST

Updated : May 24, 2020, 11:13 AM IST

আমগুৰি ২৩ মে': শিৱসাগৰৰ গৌৰীসাগৰত এগৰাকী যুৱতীৰ দেহত COVID-19 ৰ উপস্থিতি । গৌৰীসাগৰৰ নকটানিত ঘৰ যুৱতীগৰাকীৰ । কৰ'ণাত আক্ৰান্ত ২১ বছৰীয়া যুৱতী গৰাকী কলকাতাৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত । বিগত ১৯ মে' ত অসম উপস্থিত হোৱা পাচৰে পৰা যোৰহাটৰ কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছিল যুৱতী গৰাকীক ।

আমগুৰি
আমগুৰিত ২১ বছৰীয়া যুৱতীৰ দেহত কৰ'ণা ভাইৰাছ

আনহাতে, শিৱসাগৰ আমগুৰিত কোৱাৰেন্টাইন কেন্দ্ৰত আছে বহিঃৰাজ্যত কৰ্মৰত ২০ জনৰো অধিক যুৱক । আমগুৰিৰ দোপদৰ, দেওধাই, বৰাহীবাৰী, চাওদাং, ডিমৌ আদি অঞ্চলৰ এই যুৱকসকল । লক ডাউনৰ সময়ছোৱাত তেলেংগানা, হায়দৰাবাদত কৰ্মৰত এই যুৱকসকল নিজ ৰাজ্যলৈ ঘূৰি আহে ।

এই যুৱকসকলক আমগুৰি সামূহিক চিকিৎসালয় আৰু আমগুৰি আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন চেণ্টাৰত ৰখা হয় বুলি জানিবলৈ দিয়ে । তাৰোপৰি বহিঃৰাজ্যৰ পৰা অহা এইসকলক আদৰণি জনোৱাৰ লগতে সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায় জিলা প্ৰশাসনে ।

Last Updated : May 24, 2020, 11:13 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.