ETV Bharat / state

অপহৃত অইল কৰ্মচাৰীৰ সোণোৱাল, নিতিশ কুমাৰলৈ আহ্বান - আলফা(স্বা) দ্বাৰা অপহৃত অইল বিষয়া

বন্দীত্ব অৱস্থাৰ পৰাই শিৱসাগৰৰ পৰা অপহৃত কুইপ’ তৈল প্ৰতিষ্ঠানৰ কৰ্মচাৰী দুগৰাকীৰ এটি ভিডিঅ’ প্ৰকাশ পাইছে ৷ য’ত দুয়োগৰাকী কৰ্মচাৰীয়ে তেওঁলোক মুকলি কৰি নিয়াৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ৷

AS_SVR_oil-officials-urge-assam-government_AS10042
আলফা শিবিৰৰ পৰা অপহৃত অইল কৰ্মচাৰীৰ চৰকাৰলৈ আহ্বান
author img

By

Published : Jan 20, 2021, 3:58 PM IST

Updated : Jan 20, 2021, 5:30 PM IST

শিৱসাগৰ,20 জানুৱাৰী: ইতিমধ্যে এমাহ অতিক্ৰম কৰিলে অৰুণাচলৰ ডিয়ুনৰ কুইপ’ তৈল প্ৰতিষ্ঠানৰ দুই কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ অপহৰণ কাণ্ডই ৷ বিগত বৰ্ষৰ 21 ডিচেম্বৰত আলফা(স্বা) আৰু এনএছচিএনে যুটীয়াভাৱে মিলি অপহৰণ কৰা কৰিছিল প্ৰতিষ্ঠানটোত কৰ্মচাৰী দুগৰাকীক ৷ কিন্তু বিগত এটা মাহে অসম চৰকাৰ তথা তৈল প্ৰতিষ্ঠানটোৱে কৰ্মচাৰী দুগৰাকীক মোকলাই অনাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত চিন্তিত হৈ পৰিছে দুয়োটা পৰিয়াল ৷ ইতিমধ্যে আলফা(স্বা)এ 20 কোটি টকাৰ মুক্তিপণ দাবী কৰা বুলিও তথ্য প্ৰকাশ পাইছে ৷

প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালৰ লোকৰ চৰকাৰলৈ আহ্বান

অসহায় পৰিয়াল দুটাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আলফা(স্বা)লৈ দুয়োগৰাকী কৰ্মচাৰীকে অতিশীঘ্ৰে মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে ৷ আনহাতে, বন্দীত্ব অৱস্থাৰ পৰাই অপহৃত দুয়োগৰাকী কৰ্মচাৰীৰে এটি ভিডিঅ’ প্ৰকাশ পাইছে ৷ য’ত তেওঁলোকে কৈছে যে, তেওঁলোক কৰ্মৰত কোম্পানীৰ সৈতে হোৱা সংঘাতৰ ফলতেই দুয়োকে অপহৰণ কৰিছে নিষিদ্ধ ঘোষিত সংগঠন দুটাই ৷ গতিকে তেওঁলোকে অসম চৰকাৰ, প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰক এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ সৈতে আলোচনা কৰি অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি নিয়াৰ বাবে আহ্বান জনাইছে ৷

আলফা শিবিৰৰ পৰা অপহৃত অইল কৰ্মচাৰীৰ চৰকাৰলৈ আহ্বান

উল্লেখ্য যে, বিগত 21 ডিচেম্বৰৰ সন্ধিয়া ডিয়ুন আৰক্ষী থানাৰ অধীনত ইন্নাও অঞ্চলৰ খুমচৈখাত কৰ্মত নিয়োজিত থকাৰ সময়তে ব্যক্তি দুগৰাকীক অপহৰণ কৰা হৈছিল ৷ প্ৰণৱ কুমাৰ গগৈয়ে ড্ৰিলিং চুপাৰিনটেনডেন্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পৰিৱৰ্তে ৰাম কুমাৰে এগৰাকী ৰেডিঅ' অপাৰেটৰ হিচাপে M/S Quippo Oil and Gas infrastructure Limited নামৰ এটা ব্যক্তিগত তেল কোম্পানীত কৰ্মৰত হৈ আছিল ৷

লগতে পঢ়ক-নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু

Last Updated : Jan 20, 2021, 5:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.