ETV Bharat / state

টাইমচ মিউজিকৰ বেনাৰত ৰাইজলৈ মুকলি নতুন এলবাম "নিৰিবিলি"

author img

By

Published : Nov 19, 2020, 2:01 PM IST

এলবামটিৰ শুভ উদ্বোধন কৰে শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক গীতিকাৰ সব্যসাচী মহন্তই ৷

niribili-a-music-album-released-on-the-birthday-of-zubeen-garg
টাইমচ মিউজিকৰ বেনাৰত ৰাইজলৈ মুকলি নতুন এলবাম "নিৰিবিলি"

শিৱসাগৰ, 19 নৱেম্বৰ: অসমৰ নৱ প্ৰজন্মৰ হার্টথব জুবিন গাৰ্গৰ ওপজা দিনৰ লগত সংগতি শিৱসাগৰৰ স্কাইচেফত "নিৰিবিলি" নামৰ এটি এলবামৰ শুভমুক্তি দিয়া হয় ৷ এলবামটিৰ শুভ উদ্বোধন কৰে শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক গীতিকাৰ সব্যসাচী মহন্তই ৷ টাইমচ মিউজিকৰ বেনাৰত নিবেদিত "নিৰিবিলি" এলবামৰ গীতৰ সমূহৰ কথা, সুৰ দুলু ভূঞাৰ ৷ একেটা অনুষ্ঠানতে দুলু ভুঞাৰ অন্য এটা গীতৰ ক'ভাৰ পষ্টাৰো মুকলি কৰে সাংবাদিক মনোজ গগৈয়ে ৷

উল্লেখ্য যে, এলবাটিত জন্মদিনৰ ওলগ শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে । লগতে এলবোমটোত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী দীক্ষুৱেও ৷ এলবামটিৰ আটাইকেইটি গীতৰ কথা দুদু ভূঁঞাৰ । উক্ত অনুষ্ঠানটোত অধ্যাপক বিমান দত্ত, শিৱসাগৰৰ বিশিষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ, মনোজ গগৈকে প্ৰমুখ্যে কৰি বহু কেইজন জ্যেষ্ঠ সাংবাদিকো উপস্থিত থাকে ৷

লগতে পঢ়কঃ জোনবিল মেলা বিতৰ্ক সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.