ETV Bharat / state

শিৱসাগৰত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'

author img

By

Published : Nov 16, 2019, 11:30 AM IST

'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস' উপলক্ষে শিৱসাগৰত স্বচ্ছতা অভিযান ৷ শিৱসাগৰ প্ৰেছ ক্লাৱ আৰু ই-মিডিয়া সংস্থাৰ যৌথ প্ৰচেষ্টাত এই ব্যতিক্ৰমী কাৰ্যসূচী ৷

ব্যতিক্ৰমী কাৰ্যসূচীৰে 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'

শিৱসাগৰ, 16 নৱেম্বৰ: 1966 চনৰ আজিৰ দিনটোতেই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই প্ৰতিষ্ঠা লাভ কৰিছিল ৷ তেতিয়াৰে পৰা 16 নৱেম্বৰৰ দিনটোক 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস' হিচাপে দেশজুৰি পালন কৰি অহা হৈছে ৷

এই দিৱস উপলক্ষে শিৱসাগৰত দেখা গ'ল এক ব্যতিক্ৰমী কাৰ্যসূচী ৷ শিৱসাগৰ জিলা জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত, শিৱসাগৰ প্ৰেছ ক্লাৱ আৰু ই-মিডিয়া সংস্থাই যৌথভাৱে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷' সেই উপলক্ষে চহৰখনৰ পৰিবহণ তিনিআলিত আজি পুৱা এক স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

শিৱসাগৰৰ সমূহ সাংবাদিকৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি
স্বচ্ছতা অভিযানৰ কাৰ্যসূচীৰ একাংশ দৃশ্য

কাৰ্যসূচীত শিৱসাগৰৰ সমূহ সাংবাদিক, জিলা উপায়ুক্ত, প্ৰশাসনৰ শীৰ্ষ বিষয়া, অসামৰিক প্ৰতিৰক্ষা, শিৱসাগৰ পৌৰসভা, ছাত্ৰ নেতা আদিৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

শিৱসাগৰ প্ৰেছ ক্লাৱ আৰু ই-মিডিয়া সংস্থাই যৌথভাৱে পালন কৰে 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'

উল্লেখ্য যে, চহৰখনৰ স্বচ্ছতা সম্পৰ্কীয় বিভিন্ন সংবাদ পৰিৱেশন কৰি এই বিষয়ত পৰোক্ষভাৱে কাম কৰি অহাৰ বিপৰীতে আজি সংবাদ মাধ্যমৰ ব্যক্তি সকলে নিজেই হাতে হাতে ঝাড়ু, বেলচা লৈ প্ৰত্যক্ষভাৱে জনসাধাৰণৰ মাজত স্বচ্ছতাসম্পৰ্কীয় সজাগতা সৃষ্টিৰ চেষ্টা চলায় ৷

ইয়াৰ লগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে উদযাপন সমিতিয়ে শিৱসাগৰ প্ৰেছ ক্লাৱত বিয়লি এক 'অনুধাৱন সভাৰ' আহ্বান কৰিছে ৷

লগতে পঢ়ক: অসমৰ পৰ্যটনৰ নতুন সম্ভাৱনা কলিয়াবৰ!

Intro:Body:শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে স্বচ্ছতা অভিযান
Story-NATIONAL_PRESS_DAY
Ananta Smith
Sivasagar
16th November

শিৱসাগৰ জিলা জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰ প্ৰেছ ক্লাৱ আৰু ই-মিডিয়া সংস্থাই আজি যৌথভাৱে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

দিৱস উপলক্ষে চহৰৰ পৰিবহন তিনিআলিত আজি পুৱি এক স্বচ্ছতা অভিযান হাতত লয়।শিৱসাগৰৰ সমূহ সাংবাদিক, জিলা উপায়ুক্ত,প্ৰশাসনৰ শীৰ্ষ বিষয়া,অসামৰিক প্ৰতিৰক্ষা,শিৱসাগৰ পৌৰসভা, ছাত্ৰ নেতা, বিশিষ্ট ব্যক্তি আদিৰ সহযোগত পুৱা এই অভিযান চলোৱা হয়।

উল্লেখ্য যে চহৰৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে সংবাদ মাধ্যমে বিভিন্ন সময়ত সংবাদ পৰিৱেশন কৰি পৰোক্ষ ভাবে স্বচ্ছতাৰ হকে কাম কৰি অহাৰ বিপৰীতে আজি সংবাদ মাধ্যমৰ ব্যক্তি সকলে হাতে হাতে ঝাড়ু- বেলচা লৈ প্ৰত্যক্ষভাবে স্বচ্ছতাৰ কাৰ্যসূচীৰে জনসাধাৰণৰ মাজত সজাগতাৰ চেষ্টা চলাই ৷

আনহাতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিয়লি শিৱসাগৰ প্ৰেছ ক্লাৱত অনুধাৱন সভাৰো আহ্বান কৰিছে উদযাপন সমিতিয়ে

উল্লেখ্য যে ১৯৬৬ চনৰ আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই প্ৰতিষ্ঠা লাভ কৰিছিল আৰু সেই দিন ধৰি ১৬ নৱেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৰাষ্ট্ৰজুৰি উদযাপিত হৈ আহিছে।

Bite1-জিলা উপায়ুক্ত
Bite2-সংবাদকৰ্মীConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.