ETV Bharat / state

শিৱসাগৰত CAA বাতিলৰ দাবীৰে আজিও প্ৰতিধ্বনিত প্ৰতিবাদী কন্ঠ - নাগৰিকত্ব সংশোধনী আইন

CAA বাতিলৰ দাবীৰে শিৱসাগৰত ৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

প্ৰতিধ্বনিত প্ৰতিবাদী কন্ঠ
প্ৰতিধ্বনিত প্ৰতিবাদী কন্ঠ
author img

By

Published : Jan 17, 2020, 2:15 PM IST

শিৱসাগৰ, 17 জানুৱাৰীঃ শিৱসাগৰত আজিও প্ৰতিধ্বনিত হ'ল CAA বাতিলৰ দাবীৰে একাংশ জনতাৰ প্ৰতিবাদী কন্ঠ ৷ সদৌ অসম মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত, 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে ৷ জাতি ধ্বংসী অভিহিত আইনখন শীঘ্ৰে বাতিলৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে মৰিয়া যুৱ-ছাত্ৰ পৰিষদে ৷ বিভিন্ন দল-সংগঠনৰ সদস্যৰ উপস্থিতিত সকলোৱে সমস্বৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায় ৷

CAA বাতিলৰ দাবীৰে শিৱসাগৰত প্ৰতিবাদ

ইয়াৰোপৰি অন্যান্য জনগোষ্ঠীৰ লগতে মৰিয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, মৰিয়া উন্নয়ণ পৰিষদ পুনৰ গঠন, মৰিয়া জাতিগত প্ৰমাণপত্ৰৰ নৱীকৰণ, মৰিয়া-গৰিয়া-দেশী-জলহা সকলৰ সুকীয়া জৰিপ আৰু এই সকলৰ বাবে চৰকাৰে ঘোষণা কৰা উন্নয়ণ নিগমক ১০০ কোটি টকা আৱণ্টন দি এই সকলৰ উন্নয়ণ নিশ্চিত কৰা দাবী সম্বলিত স্মাৰকপত্ৰ এখনো প্ৰেৰণ কৰে চৰকাৰলৈ

লগতে পঢ়কঃ বিহালীত বিজেপিত যোগদান মূৰৰ কামোৰণি হৈছে কংগ্ৰেছ দলৰ

Intro:Body:*শিল্পী দিৱসৰ দিনা শিৱসাগৰত কা' প্ৰতিবাদী অৱস্থান ধৰ্মঘট--কা' বাতিলৰ দাবী*
Story--MORIA_CAA_PROTEST
Ananta Smith
Sivasagar
17th January

শিল্পী দিৱসৰ দিনা শিৱসাগৰ নগৰ মুখৰিত হ'ল কা' বাতিলৰ দাবীত।সদৌ অসম মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।অসমীয়া জাতি,সংস্কৃতি আৰু ভাষাক বিপদাপন্ন কৰিব পৰা আইনখন শীঘ্ৰে বাতিল কৰিবৰ বাবে আজি প্ৰতিবাদস্থলীৰ পৰা মৰিয়া যুৱ-ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰি ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।বিভিন্ন দল-সংগঠনৰ নেতাৰ উপস্থিতিত সকলোৱে সমস্বৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায়।

লগতে অন্যান্য জনগোষ্ঠীৰ লগতে মৰিয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা,মৰিয়া উন্নয়ণ পৰিষদ পুনৰ গঠন,মৰিয়া জাতিগত প্ৰমাণপত্ৰৰ নৱীকৰণ,মৰিয়া-গৰিয়া-দেশী-জলহা সকলৰ সুকীয়া জৰিপ আৰু এই সকলৰ বাবে চৰকাৰে ঘোষণা কৰা উন্নয়ণ নিগমক ১০০ কোটি টকা আৱণ্টন দি এই সকলৰ উন্নয়ণ নিশ্চিত কৰা দাবী সম্বলিত স্মাৰকপত্ৰ চৰকাৰলৈ প্ৰেৰণ কৰে।

Bite1-নেতা,সদৌ অসম মৰিয়া যুৱ-ছাত্ৰ পৰিষদ

Bite1- চিতু বৰুৱা,সভাপতি বীৰ লাচিত সেনা, শিৱসাগৰ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.