শিৱসাগৰ, 6 জুলাইঃ শিৱসাগৰৰ মেলাচকৰৰ নিজা বাসগৃহত 16 জুনত দেহাৱসান ঘটিছিল দৈনিক জনমভূমি বাতৰি কাকতৰ জন্মলগ্নৰে পৰা জড়িত থকা জ্যেষ্ঠ সাংবাদিক গুণ বৰুৱাৰ । তেখেতে লাভ কৰিছিল কনক চন্দ্ৰ শৰ্মা সাংবাদিক বঁটা । তেখেতে অধ্যাপনা কৰিছিল জাঁজী হেমনাথ শৰ্মা কলেজত ।
লগতে পঢ়কঃ লক ডাউন: মহানগৰীত এসপ্তাহৰ পিছত খুলিল গেলামাল দোকান
গুণ বৰুৱাৰ মৃত্যুৰ আজি ২১ দিন। পৰম্পৰাগত নিয়ম অনুসৰি সোমবাৰে তেখেতৰ দুই পুত্ৰৰ লগতে স্বর্গীয় গুণ বৰুৱাক পিতৃ জ্ঞান কৰি বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াই মুণ্ডন কৰে। উল্লেখ্য যে, প্রয়াত বৰুৱাৰ পৰিয়ালৰ সদস্যৰ লগতে সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতি মাজেৰে বিগত ২১ দিন পাৰ কৰিছিল দৈনিক অসম আৰু অসমীয়া খবৰ বাতৰি কাকত জ্যেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াই ৷ পিতৃৰ প্ৰতি মণিৰুল ইছলাম বড়াৰ অগাধ বিশ্বাস , শ্রদ্ধা , ভক্তি, ত্যাগ দেখি সন্তোষ প্ৰকাশ কৰিছে গুণ বৰুৱাৰ পুত্রদ্বয়ে ।