ETV Bharat / state

নামতিত জ্যেষ্ঠ সাংবাদিকৰ একাউন্টৰ পৰা হেকাৰে সৰকালে 53 হাজাৰ টকা - হেকাৰে কৌশলেৰে

শিৱসাগৰ জিলাৰ নামতিত অঞ্চলটোৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ বৰুৱাৰ একাউন্টৰ পৰা হেকাৰে কৌশলেৰে সৰকাই নিলে 53 হাজাৰ টকা ৷ সাংবাদিকগৰাকীয়ে "গুগল পে" এপৰ জৰিয়তে টিভি ৰিচাৰ্জ কৰাৰ পাছতে সংঘটিত হয় উক্ত ঘটনা ৷

money-exploitation-case-in-sivsagar
নামতিত জ্যেষ্ঠ সাংবাদিকৰ একাউন্টৰ পৰা হেকাৰে সৰকালে 53 হাজাৰ টকা
author img

By

Published : May 15, 2020, 10:27 AM IST

আমগুৰি, ১৫ মে': যিটো সময়ত সমগ্ৰ দেশজুৰি ডিজিটেল লেনদেন প্ৰক্ৰিয়াই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে তেনেহেন সময়ত একাংশ হেকাৰৰ কৱলত পৰি সৰ্বস্ব হেৰুৱাবলগীয়া হৈছে ডিজিটেল লেনদেন কৰা তেনে বহু লোকে ৷ অসমতো ইতিপূৰ্বে হেকাৰৰ কৱলত পৰি তেনে বহু লোকে একাউন্টৰ কষ্টোপাৰ্জিত ধন হেৰুৱাবলগীয়া হৈছে ৷ এইবাৰ শিৱসাগৰ জিলাৰ নামতিত পোহৰলৈ আহিছে তেনে এক চাঞ্চল্যকৰ ঘটনা ৷ নামতি অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক তথা নামতি দুলীয়া গাঁৱৰ নিবাসী মনোজ কুমাৰ বৰুৱাৰ একাউন্টৰ পৰা হেকাৰে কৌশলেৰে সৰকাই নিয়ে 53 হাজাৰ টকা ৷ জানিব পৰা মতে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে "গুগল পে" এপৰ জৰিয়তে "টাটা স্কাই"ৰ ১৫৮ টকাৰ টিভি ৰিচাৰ্জ কৰিছিল | তাৰ পিছৰে পৰা তেওঁৰ ভাৰতীয় ষ্টেট বেংকৰ চেপাঙনী শাখাত থকা একাউণ্টৰ পৰা ১২,৩৪৫ (বাৰ হাজাৰ তিনিশ পঞ্চল্লিচ) টকা কৰ্তন হয় ৷

লগে লগে সাংবাদিক গৰাকীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত গুগল হেল্প লাইনত অভিযোগ দাখিল কৰে | অভিযোগ দাখিলৰ কিছু সময়ৰ পাছতে তেওঁলৈ ৭৮৬৬৯৮৭২৩১ নম্বৰৰ পৰা ফোন কৰি সম্পূৰ্ণ তথ্য বিচাৰে ৷ মনোজ কুমাৰ বৰুৱাই সবিশেষ জনোৱাৰ প্ৰায় ১০ মিনিটৰ ভিতৰতে তেওঁৰ একাউণ্টত জমা থকা ৫৩ হাজাৰ টকা লুটি নিয়ে দুষ্ট চক্ৰই ৷

নামতিত জ্যেষ্ঠ সাংবাদিকৰ একাউন্টৰ পৰা হেকাৰে সৰকালে 53 হাজাৰ টকা
ইতিমধ্যে ভুক্তভোগী জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে এচ.বি.আই একাউণ্টৰ পৰা ৫৩,০০০(তেপন্ন হাজাৰ) টকা লুণ্ঠন হোৱাৰ সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকৰ চেপাঙনী শাখাত অভিযোগ দাখিল কৰাৰ লগতে হালোৱাটিং থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ বিভিন্ন সময়ত ইন্টাৰনেট বেংকিং, এ.টি.এমৰ নম্বৰ লৈ প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুটি অহা বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈ অহাৰ সময়তে পুনৰ এগৰাকী সাংবাদিকৰ ক্ষেত্ৰত সংঘটিত হোৱা হেকাৰৰ দ্বাৰা ধন লুণ্ঠনৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :জীৱনৰ মান বৃদ্ধি হৈছে যদিও, স্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান আনিছে কোভিড-১৯এ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.