ETV Bharat / state

পিগি বেংকৰ সাঁচতীয়া ধন আৰোগ্য নিধিলৈ আগবঢ়ালে এটি কণমানিয়ে - দুটকাকৈ পিগি বেংকত সঞ্চয় কৰা টকা অনুদান

শনিবাৰে আমগুৰিৰ এগৰাকী ছবছৰীয়া কণমানি ঐশ্বন্যা গগৈয়ে চাইকেল কিনিবলৈ এটকা, দুটকাকৈ পিগি বেংকত সঞ্চয় কৰা টকা অনুদান দিলে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ ।

আৰোগ্য নিধিলৈ অনুদান এগৰাকী কণমানিৰ
আৰোগ্য নিধিলৈ অনুদান এগৰাকী কণমানিৰ
author img

By

Published : Apr 4, 2020, 9:04 PM IST

আমগুৰি, ৪ এপ্ৰিলঃ চাইকেল কিনিবলৈ এটকা, দুটকাকৈ পিগি বেংকত সঞ্চয় কৰিছিল এটি কণমানিয়ে । কিন্তু হঠাতে সিদ্ধান্ত সলনি কণমানি জনীৰ । কৰ'ণাৰ আতংকই যেন কণমানি জনীৰ মনতো কৰিলে এক প্ৰতিক্ৰিয়া । আমগুৰিৰ ছবছৰীয়া কণমানি ঐশ্বন্যা গগৈয়ে এটকা, দুটকাকৈ সঞ্চয় কৰি ৰখা দুহেজাৰ দহ টকা অনুদান দিলে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ । উদ্দেশ্য এটাই ! কোনো প্ৰকাৰে হ'লেও নিপাত যাওক কৰ'ণা ভাইৰাছ । আমগুৰিৰ কিষ্টুৰ চন্দ আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ঐশ্বন্যা গগৈ । জ্যোতিপ্ৰসাদ গগৈ আৰু মুন সোণোৱালৰ জীয়ৰী ঐশ্বন্যাই শনিবাৰে আমগুৰিৰ ৰাজহ চক্ৰ বিষয়া ৰিতুৰাজ বৰদলৈৰ হাতত অৰ্পন কৰিলে তাই সাঁচতীয়া ধনৰাশি ।

পিগি বেংকৰ সাঁচতীয়া ধন আৰোগ্য নিধিলৈ অনুদান এগৰাকী কণমানিৰ

লগতে পঢ়কঃ কোভিড-19 ত আক্ৰান্ত মহিলাই প্ৰসৱ কৰিলে সুস্থ সন্তান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.