আমগুৰি ২২ ডিচেম্বৰ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰস্থিত ঐতিহাসিক শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে শাৰীৰিক নিৰ্যাতনৰ দৰে এক গুৰুতৰ অভিযোগ ৷ বিদ্যালখনত অধ্য়য়নৰত এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ ৷ শাৰীৰিকভাৱে অপদস্থ কৰা, ছাত্ৰী গৰাকীৰ কাপোৰ ফলা আৰু ভাবুকি প্ৰদানেৰে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয় খনৰ প্ৰধান শিক্ষক সূৰ্য কুমাৰ দত্তৰ বিৰুদ্ধে ৷ ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
ইতিমধ্যে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে উঠা এনে অভিযোগৰ পিছতেই জাঙুৰ খাই উঠিছে একাংশ সচেতন লোক ৷ স্থানীয় একাংশ লোকে প্ৰধান শিক্ষকৰ এনে কাণ্ডৰ বিৰুদ্ধে বিদ্যালয়ৰ চৌহদত উপস্থিত হৈ প্ৰধান শিক্ষকক জবাবদিহি কৰা লগতে শিক্ষকজনক বৰ্জন কৰাৰো হুংকাৰ দিয়ে ৷
ইয়াৰ বিপৰীতে ন্যস্ত স্বাৰ্থজড়িত একাংশই শিক্ষকজনক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপিত হৈছে ৷ প্ৰধান শিক্ষকৰ দৰে গুৰুদায়িত্বত থকা শিক্ষক গৰাকীৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে এনেদৰে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰা ঘটনাই সমগ্ৰ গৌৰীসাগৰতে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়কঃ গুৱাহাটীৰ বিভিন্ন ঠাইত আয়কৰ বিভাগৰ অভিযান