আমগুৰি,৩০অক্টোবৰঃ শুকুৰবাৰে আমগুৰি গৌৰীসাগৰত মিঞা মিউজিয়ামৰ বিৰোধিতাৰে অসম যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ। গৌৰীসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কংগ্ৰেছ বিধায়ক শ্বেৰমান আলিৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলিয়ে প্ৰস্তাৱ আগবঢ়োৱা মিঞা মিউজিয়ামৰ স্থাপনৰ বিৰোধিতাৰে গৌৰীসাগৰত শ্বেৰমান আলিৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
![mla sherman ali effigy burn by ajycp at gourisagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-amg-801-804-30-oct-visual-bite-photo-samiran-duarah_30102020163202_3010f_1604055722_749.jpg)
সংগঠনটোৱে শ্বেৰমান আলি মুৰ্দাবাদ,কংগ্ৰেছ গ' বেক,এ আই ইউ ডি এফ হুচিয়াৰ আদি ধ্বনিৰে উত্তাল কৰি তোলে গৌৰীসাগৰ। প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম হ’বলৈ দিয়া নহ’ব বুলি শ্বেৰমান আলিক সকীয়াই দিয়ে।
লগতে পঢ়কঃ মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ 12 টা বছৰ সম্পূৰ্ণ