ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে কথা নকয় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে !

author img

By

Published : Oct 24, 2021, 10:29 PM IST

কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে হেনো নকৰে কাকো সমালোচনা ৷ সততে হিমন্ত বিশ্ব শৰ্মাই কয় যে, বহু কংগ্ৰেছী বিধায়কৰ মনটো বিজেপিৰ লগতহে, বাধ্যত পৰিহে কংগ্ৰেছত আছে ৷ সেই কথাই প্ৰমাণ কৰিছে নেকি ৰেকিবুদ্দিনে ?

mla-rekibuddin-ahmed-wont-say-aword-against-bjp
বিজেপিৰ বিৰুদ্ধে কথা নকয় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে !

মৰাণ, 24 অক্টোবৰ : নিবাৰ্চন আহিলে তীব্ৰ বাক যুদ্ধত অৱতীৰ্ণ হয় প্ৰতিটো ৰাজনৈতিক দলৰ নেতা সকল । সমালোচনাৰে থকা সৰকা কৰে এটা দলৰ নেতাই আনটো দলৰ নেতাক । কিন্তু এইবাৰ থাওৰাৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ সভাত দেখা গ'ল এজন ব্যতিক্ৰমী নেতা । বিভিন্ন ধৰণৰ মুখৰোচক কথাৰে বিৰোধীক সমালোচনা কৰি সংবাদ মাধ্যমত সততে চৰ্চাত থকা কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে হেনো এতিয়া বিৰোধী ৰাজনৈতিক দলক সমালোচনা কৰি কথা নকয় ।

কাৰণ এটাই সকলোৱে একেলগে থাকিব লাগিব । দেওবাৰে থাওৰাৰ এখন কংগ্ৰেছ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ মুখামুখি হৈছিল বিধায়কজন । কিন্তু সাংবাদিকে শাসকীয় দল বিজেপিৰ লগতে ৰাইজৰ দলৰ অখিল গগৈৰ বিষয়ে প্ৰশ্ন কৰিছিল যদিও কংগ্ৰেছী বিধায়ক জনে কৌশলেৰে শাসকীয় দলক সমালোচনা নকৰাকৈ থাকে ।

শাসকীয় দলৰ কথা ক'লেও বিধায়কজনে অন্য বিষয়ৰ হে উত্তৰ দিবলৈ চেষ্টা কৰি কয়, আমি সকলো একেলগে থাকিব লাগিব । লগতে সংবাদ মাধ্যমক সহায় কৰিবলৈ কয় বিধায়কজনে । কিন্তু বিধায়কজনে কয়, থাওৰা আৰু মৰিয়নিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে বৃহত ভোটৰ ব্যৱধানত জয় লাভ কৰিব ।

নিবাৰ্চনী প্ৰচাৰ সভালৈ গৈয়ো কিয় বিধায়ক জনে শাসক দলক সমালোচনা নকৰাকৈ থাকিল সেইয়া এতিয়া বহুতৰ বাবে ৰসহ্যৰ বিষয় হৈ পৰিছে । সততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বহু কংগ্ৰেছী বিধায়কৰ মনটো বিজেপিৰ লগতে, বাধ্যত পৰিহে কংগ্ৰেছত আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাই প্ৰমাণ কৰিছে নেকি ছয়গাঁও সমষ্টিৰ বিধায়ক কথা চহকী ৰেকিবুদ্দিন আহমেদে সেয়া লক্ষণীয় হ’ব পৰৱৰ্তী সময়ত ।

লগতে পঢ়ক : গৃহ চহৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.