ETV Bharat / state

Akhil Gogoi react over Coal Syndicate: কয়লা-গৰু-চুপাৰী ছিণ্ডিকেটক লৈ মুখ্যমন্ত্ৰী নিমাত: অখিল গগৈ - ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল

'ইণ্ডিয়া টুডে'ৰ নৱেম্বৰৰ সংখ্য়াত লিডু-মাৰ্ঘেৰিটাত কয়লাৰ ব্যাপক খনন সন্দৰ্ভত বাতৰি প্ৰকাশ । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

Press conference of MLA Akhil Gogoi
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 4:27 PM IST

Updated : Nov 10, 2023, 4:44 PM IST

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল

শিৱসাগৰ, ১০ নৱেম্বৰ : লিডু-মাৰ্ঘেৰিটাত কয়লাৰ ব্যাপক খনন সন্দৰ্ভত সৰৱ হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । 'ইণ্ডিয়া টুডে' নামৰ পত্ৰিকাখনত নৱেম্বৰ মাহৰ সংখ্য়াত কয়লাৰ ব্যাপক খনন সন্দৰ্ভত প্ৰকাশিত এক বাতৰিৰ আঁত ধৰি শুক্ৰবাৰে চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সৰৱ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে । বিধায়ক অখিল গগৈয়ে শিৱসাগৰত আয়োজিত এক সংবাদমেলত তেওঁ চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

আজি ৰাইজৰ দলৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ইণ্ডিয়া টুডেৰ নৱেম্বৰ মাহত পত্ৰিকাত প্ৰকাশিত লিডু-মাৰ্ঘেৰিটাৰ পাহাৰত ব্যাপক কয়লাখনন প্ৰতিবেদনৰ আঁত ধৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । ইণ্ডিয়া টুডেৰ উক্ত প্ৰতিবেদনত পাটকাই পাহাৰত ব্যাপক অপেন কাষ্ট আৰু ৰেট হ'ল মাইনিঙৰ লগতে কয়লাৰ অবৈধ মজুতকৰণ আৰু সৰৱৰাহক লৈ বিধায়ক গৰাকী সৰৱ হৈ পৰে ।

শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কয় যে শূণ্য সহনশীল নীতিৰ কথা কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা প্ৰকৃততে ডাঙৰ ডাঙৰ কেলেংকাৰীক লৈ মৌন । ইয়াৰ বিপৰীতে সৰু সৰু ঘোচখোৰি অপৰাধত তেওঁ বাঘৰ দৰে জপিয়াই পৰে । কিন্তু কাঠ-কয়লা-গৰু-চুপাৰী আদি ছিণ্ডিকেটক লৈ তেওঁ মৌন, তেওঁক মেকুৰী বুলি কয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । এই বৃহৎ বৃহৎ কেলেংকাৰী সমূহত চৰকাৰ নিজে জড়িত বাবে এই সমূহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাত নামাতে বুলিও তেওঁ অভিযোগ কৰে । ৰাইজৰ দলৰ তৰফৰ পৰা লিডু-মাৰ্ঘেৰিটাৰ কয়লা চিণ্ডিকেটৰ লগতে সকলো অবৈধ চিণ্ডিকেট বন্ধ কৰাৰ দাবী উত্থাপন কৰে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

লগতে পঢ়ক:Teenage Child Diet: কিশোৰ অৱস্থাত আপোনাৰ সন্তানক খাবলৈ দিয়ক এই খাদ্য; শৰীৰৰ উচ্চতা বৃদ্ধি হোৱাৰ লগতে বৃদ্ধি পাব স্মৃতিশক্তি

Last Updated : Nov 10, 2023, 4:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.