ETV Bharat / state

থাওৰাত উপ-নিবাৰ্চনৰ ৰণশিঙা বজালে মন্ত্ৰী পীযুষ হাজৰিকাই - উপ-নিৰ্বাচন

বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক দল সমূহেও উপ-নিৰ্বাচনক লৈ দলীয় কামকাজ আৰম্ভ কৰা সময়তে মঙলবাৰে থাওৰাত উপ-নিবাৰ্চনৰ ৰণশিঙা বজালে মন্ত্ৰী পীযুষ হাজৰিকাই । মঙলবাৰে থাওৰা সমষ্টিৰ ডিমৌত অনুষ্ঠিত হয় বিজেপিৰ সাংগঠনিক সভা ।

থাওৰাত উপ-নিবাৰ্চনৰ ৰণশিঙা বজালে মন্ত্ৰী পীয়ুষ হাজৰিকাই

author img

By

Published : Aug 31, 2021, 10:20 PM IST

মৰাণ,31 আগষ্ট: ৰাজ্যত আকৌ বলিছে নিৰ্বাচনৰ বতাহ ৷ নিৰ্বাচন মানে অসম বিধানসভাৰ উপ-নিৰ্বাচন ৷ হয় বিগত অসম বিধানসভাত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে সংখ্যা গৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু তাৰ পাচতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক পট পৰিৰ্ৱতন হৈছিল ৷

থাওৰাত উপ-নিবাৰ্চনৰ ৰণশিঙা বজালে মন্ত্ৰী পীযুষ হাজৰিকাই

কেইবাগৰাকী বিৰোধীদলৰ বিধায়কে বিজেপি দলত যোগদান কৰাৰ পাচতে খালি হৈ পৰিছে সেই আসন কেইখন ৷ ইয়াৰ লগত ক’ভিড মহামাৰীতো মৃত্যু হৈছিল দুগৰাকীকৈ বিধায়কৰ ৷ এতিয়া ৰাজ্যত 6 টা বিধাসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাতো চূড়ান্ত হৈ পৰিছে ৷

সেই সময়তে ক'ভিড পৰিস্থিতি কিছু সুস্থ হৈ উঠাত উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক দল বিজেপি । বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক দল সমূহেও উপ-নিৰ্বাচনক লৈ দলীয় কামকাজ আৰম্ভ কৰা সময়তে মঙলবাৰে থাওৰাত উপ-নিবাৰ্চনৰ ৰণশিঙা বজালে মন্ত্ৰী পীযুষ হাজৰিকাই । মঙলবাৰে থাওৰা সমষ্টিৰ ডিমৌত অনুষ্ঠিত হয় বিজেপিৰ সাংগঠনিক সভা ।

লগতে পঢ়কঃ ভূপেন বৰাৰ সৈতে গোপন বৈঠক নৱ শৰণীয়াৰ

সভাখনত উপস্থিত থাকি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, উপ-নিৰ্বাচনত বিজেপি দলে থাওৰা সমষ্টিত দলীয় টিকট কাক প্ৰদান কৰিব সেইয়া সময়ত গম পাব বুলি কৈ কয়, থাওৰা উপ-নিবাৰ্চনৰ বাবে বিজেপি কৰ্মী সকল সাজু হৈছে । পূৰ্ৱতে কংগ্ৰেছৰ সুশান্ত বৰগোহাঁই আৰু বিজেপিৰ কুশল দুৱৰীৰ মাজত ভোট ভাগ হৈছিল কিন্তু এইবাৰ দুইজন এক হৈছে গতিকে ২০ হাজাৰ ভোটত যাতে জয় হ'ব পাৰো তাৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত কৰা বুলি কয় মন্ত্ৰী জনে ।

থাওৰাৰ জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, সমষ্টিৰ দুই প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁইকে ধৰি বহুকেইজন ৰাজ্যিক পৰ্যায়ৰ বিজেপিৰ বহু নেতা কৰ্মী।

লগতে পঢ়কঃ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংসৰ চক্ৰান্তত নামিছে চৰকাৰ : দিব্যজ্যোতি শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.