শিৱসাগৰ, 25 মাৰ্চঃ মন্ত্ৰী যোগেন মহনে বুধবাৰে জৰুৰীকালীন সময়ত শিৱসাগৰৰ দুখন চিকিৎসালয় পৰিদৰ্শন কৰে । শিৱসাগৰৰ ৰজাবাৰীত থকা চাওলু চ্যুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয় আৰু জয়সাগৰৰ শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি কৰ'ণা ভাইৰাছ সজাগতা সন্দৰ্ভত লোৱা ব্যৱস্থা সমূহৰ বুজ লয় । পৰিদৰ্শন কৰিয়ে মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে আই.চি.ইউ, প্ৰয়োজনীয় কোঠা, বিচনা আদি সাজু বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে । সেইদৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ বাবে বহু বিচনাযুক্ত আছুতীয়া কোঠা সাজু ৰখাৰ লগতে চিকিৎসালয়ৰ সমূহ কৰ্মী ভাইৰাছৰ চিকিৎসা আগবঢ়াবলৈ তৎপৰ হৈ থকা বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিব দিয়ে । পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ৰ চিকিৎসক,কৰ্তৃপক্ষৰ সৈতে বাৰ্তালাপ কৰি ব্যৱস্থাৰ বুজ লয় ।
মন্ত্ৰী গৰাকীয়ে কয়, প্ৰতিৰোধেই এই ৰোগৰ একমাত্ৰ চিকিৎসা । সেয়েহে প্ৰতিৰোধ গঢ়ি তুলি লক ডাউন সচেতনমূলকভাৱে গঢ়ি তুলিবলৈ তেওঁ সকলোকে আহ্বান জনায় । লগতে চিকিৎসালয় সমূহৰ লগতে স্বাস্থ্যকৰ্মী সকলে সজাগতাৰ বাবে সম্পূৰ্ণ চেষ্টা কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে । চৰকাৰে সেইবাবে চিকিৎসালয় সমূহৰ প্ৰতিৰোধমূলক ব্যৱস্থা আৰু প্ৰয়োজনীয় সহায়ৰ বাবে সকলো সময়ত সাজু আছে বুলি মন্তব্য কৰে চিকিৎসালয় কৰ্তৃপক্ষই । কিন্তু এই সমূহৰ লগতে ৰাইজ সকলো সময়ত সজাগ হৈ থকা দৰকাৰ বুলি মন্ত্ৰী গৰকীয়ে উল্লেখ কৰি যিকোনো সন্দেহজনক লোকৰ খৱৰ পালে আৰক্ষী অথবা প্ৰশাসনক জ্ঞাত কৰিবলৈ আহ্বান জনায় ।
আৰু পঢ়কঃ লক ডাউনঃ বিনাকাৰণত ৰাজপথত ওলোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী