ETV Bharat / state

অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মেধা পাটকাৰে - megha patekar election campign for akhil gogoi

বুধবাৰে ১০৮ নং শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শিৱসাগৰত উপস্থিত হ’ল মেধা পাটকাৰ ৷ বিজেপি চৰকাৰৰ অপ-শাসন ৰোধিবলৈ ৰাইজৰ কণ্ঠ অখিল গগৈক শিৱসাগৰবাসী ৰাইজে এইবাৰ নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনায় ৰাষ্ট্ৰীয় স্তৰৰ নেত্ৰী গৰাকীয়ে ।

অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মেধা পাটকাৰে

author img

By

Published : Mar 25, 2021, 8:33 AM IST

Updated : Mar 25, 2021, 8:58 AM IST

শিৱসাগৰ,25 মাৰ্চ: আগন্তুক নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিনহে বাকী ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে ৰাজনাতিক দলসমূহৰ মাজতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বুধবাৰে ১০৮ নং শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শিৱসাগৰত উপস্থিত হ’ল মেধা পাটকাৰ ৷

অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মেধা পাটকাৰে

ভুৱা গোচৰত কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক বন্দী কৰি ৰাখিছে শাসনাধীস্থ চৰকাৰখনে ৷ ধৰ্মৰ ৰাজনীতি কৰা বিজেপি চৰকাৰে ইতিমধ্যে দেশখনক বন্ধকত ৰাখিছে বুলি মন্তব্য কৰে সমাজকৰ্মী মেধা পাটকাৰে ৷ এপদ এপদকৈ দেশৰ সম্পদ বিক্ৰী কৰি অহা এই চৰকাৰৰ বিৰুদ্ধে ৰাইজক একত্ৰিত হ'বলৈ আহ্বান জনাইছে বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰা, কৃষকৰ অধিকাৰ ৰক্ষা কৰা, বিজেপি দলে ধৰ্মক লৈ যি ৰাজনীতি কৰিছে এই ৰাজনীতি ওফৰাবলৈ অখিলক দৰকাৰ বুলি মন্তব্য কৰে মেধা পাটকাৰে ৷ যাৰ বাবে ৰাইজৰ কণ্ঠ অখিল গগৈক শিৱসাগৰবাসী ৰাইজে এইবাৰ নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনায় ৰাষ্ট্ৰীয় স্তৰৰ নেত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: পুনৰ CAA বিৰোধিতাৰে উত্তপ্ত ৰাজ্য

Last Updated : Mar 25, 2021, 8:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.