ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শিৱসাগৰত 'মে ডাম মে ফী' পালন

author img

By

Published : Jan 31, 2021, 5:39 PM IST

Updated : Jan 31, 2021, 9:14 PM IST

বৃহস্পতিবাৰে শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উদ্যোগত নিমাইজান, দৰিকাপাৰ হাতীমুৰীয়া,চেৰেকাপাৰ আৰু বেতবাৰীবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় 'মে ডাম মে ফী' ৷

me dam me phi celeevration at sivasagar
টাই আহোমৰ পৰম্পৰাৰে শিৱসাগৰত পালন কৰা হ'ল 'মে ডাম মে ফী'

শিৱসাগৰ, 32 জানুৱাৰী : বৃহস্পতিবাৰে শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উদ্যোগত নিমাইজান, দৰিকাপাৰ হাতীমুৰীয়া,চেৰেকাপাৰ আৰু বেতবাৰীবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় 'মে ডাম মে ফী' ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

me dam me phi celeevration at sivasagar
লোক-লাও গ্ৰহণ কৰাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা

টাই আহোম সকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে পূর্ব পুৰুষ সকলক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেৱা জনাই আৰ্শীষ গ্ৰহণ কৰে ৷ লগতে মন্ত্ৰীজনে অনুষ্ঠানত টাই সকলৰ পৰম্পৰাগত লোক-লাও গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শিৱসাগৰত 'মে ডাম মে ফী' পালন

ইফালে 'মে ডাম মে ফী' ত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ বৃহত্তৰ নিমাইজান অঞ্চলৰ পাঁচটাকৈ আলিৰ বাবে ১৭ কোটি টকা আৰু স্থানীয় ঈগল ক্লাৱলৈ ১০ লাখ টকা অনুমোদন হিচাপে দিয়া কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী জনে ।

উল্লেখ্য যে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী গৰাকীয়ে আলফা স্বাধীনে বন্দী কৰি ৰখা শিৱসাগৰ প্রণৱ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আলফা সেনাধক্ষ্য পৰেশ বৰুৱালৈ আহ্বান জনায় ৷

লগতে পঢ়ক: স্বাধীনতাৰ পিচৰে পৰা এগৰাকীও মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা নকৰা সমষ্টিটো

Last Updated : Jan 31, 2021, 9:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.