শিৱসাগৰ, ১৪ আগষ্ট : অসমৰ অন্যতম মটক জনগোষ্ঠীৰ (Matak communication) জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া । বছৰ বছৰ ধৰি জনগোষ্ঠীটোৱে জনজাতিকৰণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । বিভিন্ন চৰকাৰে জনগোষ্ঠীটোক প্ৰতিশ্ৰুতি দি আহিছে যদিও প্ৰতিখন চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ জনগোষ্ঠীটোৰ ।
যাৰ বাবে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা কেইবাটাও সংগঠনে ৰাজ্যজুৰি সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে (All Assam Matak Youth Student Association) প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শিৱসাগৰ জিলাৰ দ'লমুখ চাৰিআলিত সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰে ।
জনজাতিকৰণৰ মৰ্যাদাৰ (Status of Tribalism) দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) আৰু কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অৰ্জুন মুণ্ডাৰ (Arjun Munda) প্ৰতিকৃতি দাহ কৰে সংগঠনটোৰ সদস্যসকলে ।
সংগঠনটোৱে কোৱা মতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ল কিন্তু অতি গুৰুত্বপূৰ্ণ মটক জনগোষ্ঠীৰ দাবীসমূহক আজিলৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ সংগঠনটোৰ । ইফালে যেতিয়ালৈ মটক সকলক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে এই সংগ্ৰাম অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদীকাৰীসকলে । জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰিবলৈও আহ্বান জনাই সংগঠনটোৱে ।
লগতে পঢ়ক :অইলৰ ঠিকাভিত্তিক নিযুক্তি বাতিলৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ