ETV Bharat / state

শিৱসাগৰৰ মৰিবিল সৰোবৰক জল ক্ৰীড়া ক্ষেত্ৰ ৰূপে ঘোষণা - শুভ উদ্বোধনী

শিৱসাগৰৰ মৰিবিল সৰোবৰক জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে ঘোষণা ৷ মৰিবিল সৰোবৰক ৰাজ্যৰ প্ৰথমটো জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে ঘোষণা কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷

maribil sarobar
maribil sarobar
author img

By

Published : Nov 29, 2020, 1:07 PM IST

শিৱসাগৰ,29 নৱেম্বৰ : উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ বতৰা ৷ শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত বশিষ্ঠ গংগা দিখৌ নৈৰ এৰাসুঁতি মৰিবিল সৰোবৰক জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় ৷ মৰিবিল সৰোবৰৰ সমীপত শনিবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৷

শিৱসাগৰৰ মৰিবিল সৰোবৰক জলক্ষেত্ৰ ৰূপে ঘোষণা
মৰিবিল সৰোবৰক ৰাজ্যৰ প্ৰথমটো জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে ঘোষণা

ৰাজ্যৰ প্ৰথমটো জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে মৰিবিল সৰোবৰক ঘোষণা কৰি সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ ব'টিং আৰু ৰয়িং সন্থাক পৰৱৰ্তী দহ বছৰৰ বাবে লীজত দিয়া বুলি কৈ এতিয়াৰ পৰা মৰিবিল সন্থাক এই জল ক্ৰীড়া ক্ষেত্ৰৰ দায়িত্ব দিয়া বুলি প্ৰকাশ কৰে ৷

মৰিবিল সৰোবৰক জলক্ষেত্ৰ ৰূপে ঘোষণা

জল ক্ৰীড়া ক্ষেত্ৰ ঘোষণা কৰা শুভ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাই ৷ এই উদ্বোধনী অনুষ্ঠানতেই শিৱসাগৰ ব'টিং আৰু ৰয়িং সন্থাৰ কৃতী খেলুৱৈসকলক চিনাকি কৰি দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় এথলেটিকচ আৰু যোগা খেলুৱৈ অনন্ত ৰাজকোঁৱৰক সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.