ETV Bharat / state

Reaction on Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে শিৱসাগৰত চাৰি সংগঠনৰ সংবাদমেল - Union Law Ministry

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা ঘোষণা হোৱাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Constituency Delimitation in Assam) । বিভিন্ন ৰাজনৈতিক দলে ইয়াৰ বিৰোধীতা কৰাৰ সমান্তৰালকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধীতা কৰিছে ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠনেও । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধীতাৰে শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে চাৰি সংগঠনে(Many organizations oppose Constituency Delimitation in Assam) ।

Four organizations oppose Constituency Delimitation in Assam
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধীতা চাৰি সংগঠনৰ
author img

By

Published : Dec 30, 2022, 10:24 AM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধীতা চাৰি সংগঠনৰ

শিৱসাগৰ,৩০ ডিচেম্বৰ: শীঘ্ৰেই সলনি হৈ পৰিব অসমৰ ৰাজনৈতিক পথাৰৰ মানচিত্ৰখন ৷ সলনি হৈ পৰিব ৰাজ্যৰ নিৰ্বাচনী মানচিত্ৰখন ৷ মাত্ৰ কিছুদিনৰ পিছতে আপোনাৰ-মোৰ পৰিচিত ৰাজ্যৰ দীৰ্ঘদিনীয়া নিৰ্বাচনী মানচিত্ৰখন সলনি হৈ সৃষ্টি হ’ব লোকসভা আৰু বিধানসভা সমষ্টিৰ নতুন সীমা ৷ ২৭ ডিচেম্বৰত দেশৰ নিৰ্বাচন আয়োগে(Election Commissioner of India) অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি ঘোষণা কৰা লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আয়োগৰ ঘোষণাৰ লগে লগে নিশ্চিত হৈ পৰিল অসমৰ ১২৬ টা বিধানসভা আৰু ১৪ টা লোকসভা সমষ্টিৰ সীমাৰ পুনৰ নিৰ্ধাৰণ (Constituency Delimitation in Assam) ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা ঘোষণা হোৱাৰ পিছতেই অসমৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে নতুন চর্চা । সমান্তৰালভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনো । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত শিৱসাগৰত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰে টাই আহোম জনগোষ্ঠীক ৰাজনৈতিক ভাবে নিঃশেষ কৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে চাৰি সংগঠনে(Many organizations oppose Constituency Delimitation in Assam) ।

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ চৌহদত সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে চাৰি সংগঠনে । সমষ্টি পুনৰ নিৰ্ধাৰণৰে টাই আহোম জনগোষ্ঠীক ৰাজনৈতিক ভাবে নিঃশেষ কৰাৰ চক্ৰান্ত বন্ধ নহ'লে আহোম সেনাই ৰংপুৰ ৰাজ্য বা আহোম লেণ্ডৰ দাবী উত্থাপন কৰিব বুলি উল্লেখ কৰে সংবাদমেলত । সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আটাছু, টাইপা, আহোম সেনা আৰু টাই সাহিত্য সভাৰ বিষয়ববীয়া উপস্থিত থাকি সংবাদমেলত নিজৰ নিজৰ মত প্ৰকাশ কৰাৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ'ব বুলি সকিয়নি প্ৰদান কৰে চাৰি সংগঠনে । লগতে শিৱসাগৰ সমষ্টিকে ধৰি উজনি অসমৰ বহু সমষ্টিত পুনৰ নিৰ্ধাৰণৰ ফলত আহোম জনগোষ্ঠীৰ ক্ষতি হোৱাৰ শংকা কৰে সংগঠন কেইটাৰ বিষয়ববীয়াসকলে । আগন্তুক ৪ জানুৱাৰীত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত এখনি নাগৰিক সভাৰো আহ্বান জনাই চাৰি সংগঠনে । এখন শুদ্ধ NRC নোহোৱা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া মানি লোৱা নহ'ব বুলি সংবাদমেলত উল্লেখ কৰে ।

লগতে ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ওচৰত আঁঠু লোৱাৰ অভিযোগ উত্থাপন কৰে চাৰি-সংগঠনে । আহোমৰ দূৰ্গ খুমটাইক বিলুপ্ত কৰাৰ লগতে আহোম ৰাজত্বৰ পৃষ্ঠভূমি শিৱসাগৰ সমষ্টিত আহোমৰ আধিপত্য নোহোৱা কৰি আহোম জনগোষ্ঠীক ৰাজনৈতিকভাবে নিঃশেষ কৰাৰ চক্ৰান্তত চৰকাৰ লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰি আহোমৰ ৰাজনৈতিক অধিকাৰ নিঃশেষ কৰিবলৈ কৰা চক্ৰান্ত বন্ধ নকৰিলে অসম উত্তাল হ'ব বুলি আটাছুৰ কাৰ্যকৰী সভাপতি বসন্ত গগৈয়ে হুংকাৰ প্ৰদান কৰে । আহোম অধ্যুষিত অঞ্চলত টাই আহোমক নিশকটীয়া কৰিব বিচৰা বুলি উল্লেখ কৰি এনে কাৰ্য বন্ধ নকৰিলে উজনি অসমৰ প্ৰশাসন ব্যৱস্থা অচল কৰি দিয়াৰ হুংকাৰ টাই আহোম যুৱ পৰিষদৰ ।

উল্লেখ্য যে, ২০২২ চনৰ ১৫ নৱেম্বৰত কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে(Union Law Ministry) নিৰ্বাচন আয়োগক অসমৰ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । ভাৰতীয় সংবিধানৰ ৰিপ্ৰেজেণ্টেচন অব দ্যা পিপলছ এক্ট(Representation of the Peoples Act) ১৯৫০ৰ ছেক্সন 8 Aৰ অধীনত অনুষ্ঠিত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ । ইয়াৰ পূৰ্বে ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত ১৯৭৬ চনত অসমত হৈছিল সমষ্টি পুনৰ নিৰ্ধাৰণ । প্ৰায় পাঁচ দশকৰ মূৰত হ’বলৈ গৈ আছে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম ।

লগতে পঢ়ক: Heeraben Modi passed away: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.