আমগুৰি,27এপ্ৰিল: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা ৷ দিনক দিনে ভয়াৱহ দিশলৈ গতি কৰিছে সমগ্ৰ ৰাজ্য ৷ চৌদিশে এতিয়া যেন কেৱল মৃত্যুৰ কিৰিলী ৷ তাৰ মাজতে কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ কিন্তু এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে শিৱসাগৰৰ কালুগাঁৱত অনুষ্ঠিত হ'ল মহাবিষ্ণু যজ্ঞ । কালুগাঁও ব্ৰাহ্মণ গাঁৱৰ হৰিমন্দিৰৰ উদ্যোগত পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই যজ্ঞই এতিয়া শংকিত কৰি তুলিছে সকলোকে ৷
কিয়নো, যি সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰীৰ কবলৰ পৰা মানৱ জাতিক উদ্ধাৰৰ বাবে সৰ্বত্ৰে লক ডাউনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই সময়তে মহামাৰীৰ নিৰ্মূলৰ বাবে শ শ লোক গোট খাই কৰা এনে যজ্ঞই চকু কপালত তুলিছে সচেতন মহলৰ ৷
লগতে পঢ়ক: ছিপাঝাৰৰ বন্ধন বেংকত অগ্নিকাণ্ড