ETV Bharat / state

বজাৰ নাই : মূৰে-কপালে হাত দিছে কৃষকে ! - তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে

শিৱসাগৰ জিলাৰ ভোট জলকীয়াৰ খেতিয়ক সকলৰ অৱস্থা বৰ্তমান পুতৌজনক ৷ উপযুক্ত বজাৰৰ অভাৱত উৎপাদন বিক্ৰী কৰিব নোৱাৰি পথাৰতে পচিছে কৃষকৰ জলকীয়া ৷

Lockdown Slowdown: Shuttered Markets,
ভোট জলকীয়াৰ খেতিত জুই, চিন্তিত কৃষক
author img

By

Published : May 10, 2020, 10:35 AM IST

আমগুৰি, 10 মে' : লক্ ডাউনৰ বাবে বিধস্ত হৈছে ৰাজ্যৰ খেতিয়ক সকল ৷ দুমাহ যোৰা লক্ ডাউনৰ অন্তত ৰাজ্যৰ খেতিয়ক সকলৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰা হৈছে ৷ একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ বৰাহীবাৰী শেনচোৱা গাঁৱৰ ভোট জলকীয়া খেতিয়ক সকলৰ অৱস্থা বৰ্তমান পুতৌজনক ৷ উপযুক্ত বজাৰ লাভ নকৰাৰ বাবে খেতি পথাৰতে গেলি-পচি গৈছে কৃষকৰ উৎপাদিত শস্য ৷

ভোট জলকীয়াৰ খেতিত জুই, চিন্তিত কৃষক

অঞ্চলটোৰ বৰাহীবাৰী শেনচোৱা গাঁৱৰ মিন্টু বৰুৱা আৰু পবিত্ৰ বৰুৱাই প্ৰায় 1500 জোপা ভোট জলকীয়া খেতি কৰিছিল যদিও বজাৰৰ অভাৱত গছতে পকি সৰি গৈছে ভোট জলকীয়া ৷

ভোট জলকীয়াৰ খেতিত জুই, চিন্তিত কৃষক

দুয়োগৰাকী কৃষকে কৃষিৰ জৰিয়তে স্বাৱলম্বী হৈছিল যদিও পৰৱৰ্তী সময়ত লক্ ডাউনৰ বাবে তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে দুয়োগৰাকী কৃষক ৷ আনকি বৃহত্তৰ অঞ্চলটিত বহুকেইজন কৃষি বিষয়া থকাৰ পিচতো কোনো ধৰণৰ সহায়-সহযোগিতা নোপাৱাৰ অভিযোগ কৃষক দুগৰাকীৰ ৷ যাৰ বাবে কৃষি বিভাগৰ সহায় বিচাৰিছে কৃষক দুগৰাকীয়ে ৷

লগতে পঢ়ক : মাতৃ দিৱস বিশেষ : কোৱাৰেন্টাইন কেন্দ্ৰত কৰ্তব্যৰত মহিলাৰ মনৰ খবৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.