নাজিৰা, ৫ জুন : নাজিৰাত ৰাইজৰ হাতত নিধন নাহৰফুটুকী বাঘ। নিধন কৰি পুতি থলে গাঁতত। বন বিভাগে মাটি খান্দি উদ্ধাৰ কৰিলে বাঘৰ মৃতদেহ।
নাজিৰাত বিশ্ব পৰিবেশ দিৱসৰ দিনাই মানুহৰ হাতত নিধন হল এটা নাহৰফুটুকী বাঘ। বুধবাৰে নাজিৰাৰ মঠিয়াছিগা কোঁৱৰ গাঁৱত পুৱাৰ ভাগত বাঘটোৱে আক্ৰমণ কৰি এটা পশুধন নিধন কৰে। বাঘৰ আক্ৰমণত নিধন হোৱা গৰু গাঁত খান্দি পুতিবলৈ লঁওতে নাহৰফুটুকীটোৰ অতৰ্কিত আক্ৰমণত আহত হয় তিনিজনকৈ লোক। আহত হয় হেমিদুৰ ৰহমান, আবুল আলি আৰু মইনা আলি। ইয়াৰ পাচতেই স্থানীয় লোকে হানি খুচি নাহৰফুটুকীটো হত্যা কৰি মাটিত পুতি থয়। ঘটনাৰ খবৰ পাই বন বিভাগৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ মাটিত পুতি থোৱা নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় ৰাইজে অভিযোগ কৰামতে বাৰম্বাৰ বন বিভাগক নাহৰফুটুকীৰ সন্ত্ৰাসৰ কথা অৱগত কৰাৰ পিছতো বন বিভাগে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ ফলতেই উক্ত দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে।